Wednesday, March 11, 2026
Homeৰাজনৈতিকগঁড় হত্যা ৰোধত সফল হোৱা অসম চৰকাৰক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গঁড় হত্যা ৰোধত সফল হোৱা অসম চৰকাৰক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ২০২২ বৰ্ষত গঁড় হত্যা ৰোধত সফল হৈছে ৰাজ্য চৰকাৰ ৷ বিগত বৰ্ষটোত ৰাজ্যত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত নিহত হোৱা নাই ৷ বছৰৰ প্ৰথমটো দিনত এই কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

গঁড় হত্যা ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেকৰ সলাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সফলতা অৰ্জন কৰাৰ বাবে অসম চৰকাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইট যোগে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘‘এয়া এক অতি সুখৰ খবৰ ! গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত সক্ৰিয়তাৰে জড়িত থকা অসমৰ সকলোকে মই অভিনন্দন জনাইছোঁ ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments