Saturday, November 9, 2024
Homeৰাজনৈতিকপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে ‘গংগা বিলাস’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে ‘গংগা বিলাস’

 

ডিজিটেল ডেস্ক, ANEWS24X7: শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সৰ্বাধিক নদী ক্ৰুজ উদ্বোধন কৰে ৷ বাৰাণসীত ভাৰ্চুৱেলী উদ্বোধন কৰে বিশ্বৰ আটাইতকৈ দীঘল ক্ৰুজ ‘গংগা বিলাস’ ৷ এই এম ভি গংগা বিলাস ভাৰততে নিৰ্মাণ কৰা প্ৰথমখন ক্ৰুজ জাহাজ ৷ 

এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ৫১ দিনৰ ভিতৰত ৩২০০ কিলমিটাৰ ভ্ৰমণ কৰি বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব ৷ উদ্বোধনী অনুষ্ঠানত জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ , বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ উপস্থিত থাকে ৷

উল্লেখ্য যে, ভাৰতীয় প্ৰযুক্তি আৰু আধুনিক ডিজাইনেৰে নিৰ্মাণ কৰা এই ক্ৰুজ জাহাজখনৰ ৬২ মিটাৰ দীঘল আৰু ১২ মিটাৰ বহল ৷ পৰ্যটক সকলৰ ববে জাহাজখনত কৰা হৈছে অত্যাধুনিক সা-সুবিধা ৷ জাহাজখনৰ দ্বাৰা দেশৰ কেইবাখনো ৰাজ্যৰ ঐতিহাসিক স্থান সমূহক জলপথেৰে সংযোগ কৰিব ৷ ইয়াৰ দ্বাৰা দেশৰ পৰ্যটন ক্ষেত্ৰখন উন্নত কৰা হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments