Friday, November 8, 2024
Homeঅসমপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে অৰুণাচল প্ৰদেশৰ প্ৰথমটি বিমান বন্দৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে অৰুণাচল প্ৰদেশৰ প্ৰথমটি বিমান বন্দৰ

ডিজিটেল ডেস্ক, Anews24×7: শনিবাৰে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে অৰুণাচল প্ৰদেশৰ প্ৰথমটি বিমান বন্দৰ ড’নিপ’ল’। কেৱল বিমান বন্দৰটিয়েই নহয়,পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ সমীপৰ কামেং জলবিদ্যুৎ প্ৰকল্পটিৰো  শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী  গৰাকীয়ে ।

প্ৰায় ৬০০ কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ তিনি বছৰতে সম্পূৰ্ণ কৰা হৈছিল বিমান বন্দৰটিৰ প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্য। অৱশ্যে বৰ্তমানেও বিমান বন্দৰটোৰ ভিতৰৰ বহু কাম সম্পূৰ্ণ হৈ উঠা নাই।ইটানগৰৰ সমীপৰ হল’ঙগীত বিমান বন্দৰটি মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু, উপ মুখ্যমন্ত্ৰী চাওনা মেইন আদিৰ উপস্থিতিত দেশবাসীক উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেষ্ট কামেং জিলাৰ ভালুকপুঙৰ সমীপত NEEPCO য়ে নিৰ্মাণ কৰা ৬০০ মেগাৱাট ক্ষমতা সম্পন্ন কামেং জলবিদ্যুৎ প্ৰকল্পটোৰ ভাৰ্ছুৱেলী মাধ্যমেৰে শুভ উদ্ধোধন কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments