Wednesday, July 9, 2025
Homeউত্তৰ-পূৱপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া ইষ্ট কোষ্টৰ প্ৰথম ট্ৰেন্সশ্বিপমেণ্ট হাবৰ বাবে পদক্ষেপ আৰম্ভ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া ইষ্ট কোষ্টৰ প্ৰথম ট্ৰেন্সশ্বিপমেণ্ট হাবৰ বাবে পদক্ষেপ আৰম্ভ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বানন্দ সোণোৱালে ৩০,০০০ৰো অধিক জনতাৰ উপস্থিতিত তামিল স্বাভিমানৰ প্ৰতীক পৱিত্ৰচেঙ্গোলৰে সন্মানিত কৰে

 

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ থুথুকুড়িত ১৭,৩০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধন কৰি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

 

প্ৰধানমন্ত্ৰী মোদীয়ে ভিঅ’ চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে

 

প্ৰধানমন্ত্ৰী মোদীয়ে ১০ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭৫টা লাইটহাউচত পৰ্যটন সুবিধা মুকলি কৰে

 

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰথমখন থলুৱা সেউজ হাইড্ৰ’জেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজ মুকলি কৰে

 

“সংযোগ উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰলস প্ৰচেষ্টাই ভাৰতবাসীৰ জীৱন ধাৰণৰ মান বৃদ্ধি কৰিছে”: প্ৰধানমন্ত্ৰী মোদী

 

“একেলগে ৭৫টা স্থানত উন্নয়ন, এয়াই নতুন ভাৰত”: প্ৰধানমন্ত্ৰী মোদী

 

“ভাৰতৰ প্ৰথম থলুৱা সেউজ হাইড্ৰ’জেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰ শুভাৰম্ভণিয়ে মেক ইন ইণ্ডিয়া উদ্যোগক শক্তিশালী কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 

দিল্লী/থুথুকুড়ি, ২৮ ফেব্ৰুৱাৰী, ২০২৪: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ থুথুকুড়িত ১৭,৩০০ কোটিতকৈও অধিক পুঁজি মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু শুভ উদ্বোধন কৰি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উপলক্ষে প্ৰধানমন্ত্ৰীৰ সৈতে যোগদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৩০,০০০ জনতাৰ উপস্থিতিত তামিল স্বাভিমানৰ প্ৰতীক পৱিত্ৰ ‘চেঙ্গোল’ প্ৰদান কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ভিঅ’ চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সেউজ জাহাজ উদ্যোগৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজ হাইড্ৰ’জেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। তেখেতে ১০ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭৫টা লাইটহাউচত পৰ্যটন সুবিধাও মুকলি কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ জৰিয়তে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আত্মা প্ৰতিফলিত হৈছে। এই প্ৰকল্পসমূহে সমগ্ৰ ভাৰতৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব।” প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ যাত্ৰা আৰু তামিলনাডুৰ ভূমিকাৰ কথাও দোহাৰে। ভিঅ’ চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটোত ৭,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব। এই প্ৰকল্পসমূহে তামিলনাডুক লাভান্বিত কৰিব আৰু ৰাজ্যখনত নিযুক্তিৰ পথ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।  প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে বৰ্তমান চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ প্ৰতি পূৰ্বৰ চৰকাৰসমূহে কেতিয়াও কোনো মনোযোগ দিয়া নাছিল। প্ৰধানমন্ত্ৰীয়ে মন কি বাতৰ এটা খণ্ডত দেশৰ প্ৰধান লাইটহাউচসমূহক পৰ্যটন স্থলীলৈ বিকশিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। আৰু সেই প্ৰসংগক্ৰমে ১০ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭৫টা লাইটহাউচত পৰ্যটন সুবিধা মুকলি কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, “একেলগে ৭৫টা স্থানত উন্নয়ন, এয়াই নতুন ভাৰত। আৰু অনাগত সময়ত এই ৭৫ খন ঠাই বৃহৎ পৰ্যটন কেন্দ্ৰ হৈ পৰিব।”

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নিৰ্দেশনাত আৰম্ভ কৰা উন্নয়নমূলক পদক্ষেপসমূহে আমাৰ বন্দৰসমূহক বিশ্বমানৰ কৰি তোলাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত অমৃতকালৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ আমাৰ আন্দোলনে অধিক শক্তিশালী ৰূপ পাব। সামুদ্ৰিক খণ্ডই ভাৰতৰ অৰ্থনৈতিক বিকাশত আগভাগ লোৱাৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ চৰকাৰে আৰম্ভ কৰা পদক্ষেপবোৰে আমাৰ বন্দৰসমূহক অধিক শক্তিশালী কৰাৰ উপৰি উপকূলীয় অঞ্চলকো অধিক শক্তিশালী কৰিব আৰু বৃহৎ নিযুক্তিৰ পথ সৃষ্টি কৰিব। এয়া হৈছে মোদী কি গেৰাণ্টিৰ এক প্ৰকৃত উপলব্ধি, য’ত প্ৰতিজন নাগৰিকে আমাৰ দেশক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলাৰ দিশত উন্নয়নমূলক প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।”

 

লগতে সৰ্বানন্দ সোণোৱালে কয়, “মোদী ডাঙৰীয়াৰ অক্লান্ত প্ৰচেষ্টা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত দূৰদৰ্শী নেতৃত্বৰ বাবেই আমাৰ ৰাষ্ট্ৰই আজি সকলো ক্ষেত্ৰতে দ্ৰুত বিকাশ লাভ কৰিছে, সকলোৰে বাবে সামাজিক ন্যায়, সুৰক্ষা আৰু অৰ্থনৈতিক সুযোগ নিশ্চিত হৈছে। ২০১৪ চনৰ পৰা, তামিলনাডুৰ ৩টা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰত ৪৫টাতকৈও অধিক প্ৰকল্প আৰম্ভ বা ৰূপায়ণ কৰা হৈছে আৰু ১৬,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হৈছে। মাত্ৰ দুবছৰ আগতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণক আশ্বাস দিছিল যে চৰকাৰে ভাৰতৰ পূব উপকূলৰ প্ৰথম ট্ৰেন্সশ্বিপমেণ্ট হাব হিচাপে তামিলনাডুৰ ভিঅ’চি বন্দৰ নিৰ্মাণৰ পদক্ষেপ ল’ব। আজি তেখেতৰ ‘মোদী কি গেৰাণ্টি’ৰ প্ৰতিশ্ৰুতিৰ সঁচা প্ৰতিফলন হৈছে। ভাৰতৰ প্ৰথম থলুৱা সেউজ হাইড্ৰ’জেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰ শুভাৰম্ভণিয়ে মেক ইন ইণ্ডিয়া উদ্যোগক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত বিকশিত ভাৰতৰ সংকল্পৰ সৈতে আমি অমৃতকালৰ ভিতৰত আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত আৰু অধিক উচ্চতাত আৰোহণ কৰিবলৈ সাজু হৈছোঁ।”

 

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান, শ্ৰীপদ নায়েক, শান্তনু ঠাকুৰ এই অনুষ্ঠানত উপস্থিত আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments