নামৰূপৰ এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ ৰাজহুৱা সভাত ভাষণ প্ৰধানমন্ত্ৰী মোদীৰ। পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘কংগ্ৰেছে পৰিস্থিতি ইমানেই বেয়া কৰি তুলিলে যে ১১ বছৰৰ কঠোৰ পৰিশ্ৰমৰ পাছতো এতিয়াও বহু কাম কৰিবলগীয়া আছে।’’ বিজেপি ক্ষমতালৈ অহাৰ পাছতহে কৃষকৰ বাবে কল্যাণমূলক কাম আৰম্ভ হোৱা বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নামৰূপ এসময়ত সমগ্ৰ উত্তৰ-পূবক উপকৃত কৰা এটা প্ৰধান সাৰ উৎপাদন কেন্দ্ৰ আছিল আৰু কঠিন সময়ত কৃষকৰ বাবে আশাৰ ৰূপত থিয় দিছিল।
তেওঁ কয়, ‘‘কিন্তু মেচিনবোৰ পুৰণি হৈ গ’ল আৰু কংগ্ৰেছ চৰকাৰে একো গুৰুত্ব নিদিলে, যাৰ ফলত কেইবাটাও ইউনিট বন্ধ হোৱাত কৃষকসকলে কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল। কংগ্ৰেছে ইয়াৰ সমাধান বিচৰা নাছিল। আজি আমাৰ ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছৰ দ্বাৰা সৃষ্টি হোৱা সমস্যাবোৰ সমাধান কৰি আছোঁ। কংগ্ৰেছৰ দিনত সমগ্ৰ দেশতে বহু কাৰখানা বন্ধ হৈ গ’ল, ইউৰিয়া বিতৰণৰ সময়ত কৃষকসকলক লাঠীচালনা কৰা হৈছিল।’’
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বাবে ভাৰত ৰত্নৰ মুকলি বিৰোধিতা কৰা কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, ‘‘কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে মন্তব্য কৰিছিল যে মোদীয়ে গায়ক-নৃত্যশিল্পীক ভাৰতৰত্ন দিছে। এয়া ভূপেন দা আৰু অসমক অপমান নহয়নে? কংগ্ৰেছে সদায় এনে অপমানত লিপ্ত হয়।’’
