Sunday, July 6, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ব্ৰাজিল চৰকাৰলৈ সমৰ্থন প্ৰধানমন্ত্ৰী মোডীৰ 

ব্ৰাজিল চৰকাৰলৈ সমৰ্থন প্ৰধানমন্ত্ৰী মোডীৰ 

 

ডিজিটেল ডেস্ক, ANEWS24X7: ব্ৰাজিলৰ হিংসাত্মক ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ব্ৰাজিলত সংঘটিত হোৱা হিংসত্মক ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ,‘‘ গণতান্ত্ৰিক পৰম্পৰাক সকলোৱে সন্মান কৰিব লাগে ৷’’

প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰাজিলৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাক এটা টুইট টেগ কৰি কয় যে ,‘‘ব্ৰাচিলিয়াত ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে হোৱা ধ্বংসাত্মক হিংসাৰ বাতৰিক লৈ গভীৰভাৱে চিন্তিত ৷ গণতান্ত্ৰিক পৰম্পৰাক সকলোৱে সন্মান কৰিব লাগিব ৷ আমি ব্ৰাজিলৰ কৰ্তৃপক্ষক আমাৰ সকলো সমৰ্থন আগবঢ়াইছো ৷’’ 

উল্লেখ্য যে, ব্ৰাজিলৰ প্ৰক্তন ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৰ শ শ সমৰ্থকে ৰাষ্ট্ৰীয় কংগ্ৰেছ, ৰাষ্ট্ৰপতি ভৱন আৰু উচ্চতম ন্যায়ালয়ত আক্ৰমণ সংঘটিত কৰিছে ৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাই এই আক্ৰমণক ‘ফেচিষ্ট’ আক্ৰমণ বুলি গৰিহণা দিছে ৷ আনহতে প্ৰাক্তন ৰাষ্ট্ৰপতি বলচোনাৰোৱে এই হিংসাত্মক কাৰ্যকলাপ তেওঁৰ কোনো ভূমিকা নাই বুলি মন্তব্য কৰাৰ লগতে ‘‘লুণ্ঠন আৰু আক্ৰমণ’’ক গৰিহণা দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments