Friday, November 8, 2024
Homeৰাজনৈতিকবিশ্বৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ তালিকাৰ শীৰ্ষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

বিশ্বৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ তালিকাৰ শীৰ্ষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

 

ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ শীৰ্ষত ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিশ্বৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ তালিকাৰ শীৰ্ষত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

৭৭ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ৷ প্রধানমন্ত্ৰী মোডীৰ পিছতে ৫৬ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে আছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে ।

তালিকাৰ তৃতীয় স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ৷ জ’ বাইডেনে লাভ কৰিছে ৪১ শতাংশ অনুমোদন ৰেটিঙ ৷ ৩৮ শতাংশ ৰেটিঙৰ সৈতে চতুৰ্থ স্থানত কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডো, ৩৬ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে পঞ্চম স্থানত ব্ৰিটেইনৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী ঋষি চুনাক ।

২৩ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা ষষ্ঠ স্থানত আছে। এই জৰীপটো মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপে পৰিচালনা কৰিছে। সংস্থাটোৱে অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, ব্ৰাজিল, জাৰ্মানী, ভাৰত, মেক্সিকো, নেডাৰলেণ্ড, দক্ষিণ কোৰিয়া, স্পেইন, চুইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত জৰীপ চলাই তালিকা খন প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments