ডিজিটেল ডেস্ক, ANEWS24X7: দিনক দিনে বৃদ্ধি পাইছে সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনা ৷ ২০২১ বৰ্ষত ৪৮৮ জন সাংবাদিকক কাৰাগাৰত বন্দী কৰা হৈছিল ৷ ২০২২ এই সংখ্যা ৫৩৩ জনলৈ বৃদ্ধি পাইছে ৷ ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰচৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷
সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত আছে চীন ৷ শীৰ্ষ পাঁচখন দেশৰ তালিকাত আছে চীন, ম্যানমাৰ, ইৰাণ, ভিয়েটনাম আৰু বেলাৰুছ। এই সন্দৰ্ভত আৰ এছ এফৰ মুৰব্বী ক্ৰিষ্টোফাৰ ডেলোইৰে কয় যে, “অতীতত কেতিয়াও দেখা পোৱা নাছিলো যে আধিপত্যবাদী শাসনে পৃথিৱীৰ বিভিন্ন দেশত সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰিছে। বিশ্বৰ বিভিন্ন দেশত চৰকাৰৰ বিৰুদ্ধে সত্যৰ ওপৰত আলোকপাত কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা সাংবাদিকসকলৰ কাষত থিয় দিবলৈ সংগঠনটোৱে চেষ্টা কৰিব।’’
প্ৰথম অৱস্থাত এই তালিকাত ইৰাণৰ নাম নাছিল ৷ কিন্তু ছেপ্টেম্বৰ মাহত আৰক্ষীৰ জিম্মাত মাহশা আমিনীৰ মৃত্যুৰ পিছত দেশখনত আৰম্ভ হোৱা হিজাব বিৰোধী আন্দোলনৰ পিছত সংবাদিক গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছে ৷ ইৰাণ কৰ্তৃপক্ষয় বৰ্তমানলৈকে ৩৪ গৰাকী সংবাদিকক গ্ৰেপ্তাৰ কৰিছে ৷
আৰএছএফে চলিত বৰ্ষত মহিলা সাংবাদিকৰ তথ্যও সংগ্ৰহ কৰিছিল ৷ প্ৰতিবেদন অনুসৰি এতিয়ালৈকে বিশ্বৰ বিভিন্ন দেশত ৭৮ গৰাকী মহিলা সাংবাদিক কাৰাগাৰত আছে ৷ পূৰ্বে ইমান মহিলা কেতিয়াও গ্ৰেপ্তাৰ হোৱা নাছিল ৷