Thursday, March 12, 2026
Homeঅসমসৰুক্ষেত্ৰী একাডেমীৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

সৰুক্ষেত্ৰী একাডেমীৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

সৰ্থেবাৰী, তফিকুৰ ৰহমান:  বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গৰিয়া চতলাস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান সৰুক্ষেত্ৰী একাডেমীৰ ষষ্ঠ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ শনিবাৰে প্ৰদান কৰা হয়।

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ জিমি চোৱানছিয়ে আঁত ধৰা পুৰস্কাৰ বিতৰণী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি-সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ বিত্ত সম্পাদক তফিকুৰ ৰহমান।তফিকুৰ ৰহমানে ছাত্ৰ-ছাত্ৰীসকল অনুপ্ৰাণিত হ’ব পৰাকৈ ভাষণ প্ৰদান কৰে।

ইয়াৰ উপৰিও পুৰস্কাৰ বিতৰণী অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পৰাকৈ ভাষণ প্ৰদান কৰে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদ। গৰেমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল কায়ুম আহমেদ, সৰুক্ষেত্ৰী একাডেমীৰ পৰিচালন সঞ্চালক ৰুণা লাইলাই বিশিষ্ট অতিথি হিচাপে উক্ত অনুষ্ঠানটোত উপস্থিত থাকে। শনিবাৰে পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments