ডিজিটেল ডেস্ক, A NEWS 24×7 : “প্ৰজেক্ট টাইগাৰ”ৰ ৫০ বছৰ সম্পূৰ্ণ। তাৰ উপলক্ষ্যে, দেওবাৰে কৰ্ণাটকৰ মুডুমলাই আৰু বন্দীপুৰ ব্য়ঘ্ৰ সংৰক্ষিত বনাঞ্চলত ‘জংঘল ছাফাৰী’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
পাহাৰীয়া নীলগিৰি জিলাৰ মুডুমলাইস্থিত হস্তী শিবিৰো পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি ১৯৪১ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে চৰকাৰী অধিসূচনাৰ অধীনত স্থাপিত তেতিয়াৰ ভেনুগোপালা বন্যপ্ৰাণী উদ্যানৰ অধিকাংশ বনাঞ্চলকে সামৰি ৰাষ্ট্ৰীয় উদ্যান গঠন হৈছিল। ১৯৮৫ চনত ৮৭৪.২০ বৰ্গক্ষেত্ৰৰ এলেকাটো বৃদ্ধি কৰা হৈছিল আৰু বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ কৰা হৈছিল।
সংৰক্ষিত বনাঞ্চলখন ১৯৭৩ চনত ‘প্ৰজেক্ট টাইগাৰ’ৰ অধীনলৈ যায়। পৰৱৰ্তী সময়ত সংৰক্ষিত বনাঞ্চলখনত ৮৮০.০২ বৰ্গক্ষেত্ৰলৈকে বিস্তৃত কিছুমান সংৰক্ষিত বনাঞ্চল সংযোজন কৰা হয়। বন্দীপুৰ টাইগাৰ ৰিজাৰ্ভৰ বৰ্তমানৰ এলেকা ৯১২.০৪ বৰ্গফুট।