জনজাতিকৰণৰ আৰু BTC ৰ ৰাজনীতি প্ৰসংগত প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্ত্যৱ।
৬ জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যাটো এটা বৃহৎ সমস্যা হৈ আছে। এই সমস্যাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেহে সমাধান কৰিব পাৰিব।
জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা সাংবিধানিক প্ৰক্ৰিয়া। সাংবিধানিক ভাৱেহে জাতি জনগোষ্ঠী সমূহে জনজাতিকৰণ লাভ কৰিব পাৰে।
জনজাতিকৰণৰ বাবে চৰকাৰ, জনগোষ্ঠীসমূহ আৰু ইতিমধ্যে জনজাতিৰ সংগঠন সমূহে একত্ৰিতভাৱে আলোচনা কৰি এটা সমাধান সূত্ৰ উলিয়াব লাগে।
বিধানসভাত উত্থাপন কৰিব লগীয়া মন্ত্ৰীগোটৰ প্ৰতিবেদনখন এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ পিছতহে বিষয়টোৰ তাৎপৰ্য্য বুজি পোৱা যাব।
BTC ৰাজনীতিঃ—
আগন্তুক ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচনত আমি গুৰুত্ব সহকাৰে অৱতীৰ্ণ হম। নিৰ্বাচনত আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব।
BTRত আমাৰ দল এতিয়াও বহু শক্তিশালী। BTR-ৰ ৩৫ লক্ষ্য জনসাধাৰণৰ বাবে কাম কৰি আছো কৰি যাম।
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF চৰকাৰ অহাৰ লগে লগে BTR ত মদ, জুৱা, চুৰিকাণ্ড আদিৰ নিচিনা ঘটনা সংঘটিত হৈ অশান্তিৰ সৃষ্টি হৈছে।
বিধানসভা নিৰ্বাচনত কাৰ লগত মিত্ৰতা কৰা হ’ব সেয়া পৰৱৰ্তী সময়ত আমি আলোচনা কৰি জনাম।
