ডিজিটেল ডেস্ক, ১ ছেপ্তেম্বৰ: অসমত প্ৰথমবাৰৰ বাবে মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদ (Protesters Strip Naked Amid Land Dispute)। আজি পুৱাতে উচ্ছেদক কেন্দ্ৰ কৰি শিলসাঁকোত উত্তপ্ত পৰিস্থিতি। পুৱাই শিলসাঁকোত আৰক্ষীৰ বিশাল সমৰসজ্জা। ১৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ। আৰক্ষীৰে খণ্ডযুদ্ধ শিলসাঁকোৰ স্থানীয় ৰাইজৰ। প্ৰশাসনৰ উচ্ছেদত বাধা স্থানীয় মহিলাৰ
আৰক্ষীয়ে ২০ গৰাকী মহিলাক আটক কৰে। আটকাধীন মহিলাৰ ভিতৰত আছে গৰ্ভৱতী মহিলাও। প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে চোঁচৰাই নিলে মহিলা প্ৰতিবাদকাৰীক। সেই সময়তে দেহৰ কাপোৰ খুলি পেলালে প্ৰতিবাদকাৰীয়ে। টানি–চোঁচৰাই প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।
প্ৰায় ২০০টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য প্ৰশাসনৰ। ১১০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিছে এই উচ্ছেদ। পূৰ্বেও শিলসাকোত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান।