ডিজিটেল ডেস্ক, ANEWS24X7: চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিংৰ বিৰুদ্ধে প্ৰতিবাদ ৷ দেওবাৰে বেইজিং আৰু ছাংহাইৰ ৰাজপথলৈ ওলাই আহিল শ শ জনতা ৷ শেহতীয়াকৈ চীনত পুনৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছিল ৷ ইয়াৰ পৰিপেক্ষিতত চীন চৰকাৰে ‘কোভিড-মুক্ত নীতি’ গ্ৰহণ কৰিছে।
নতুনকৈ সংক্ৰমণ হোৱা কভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে চীন চৰকাৰে কঠোৰ লকডাউন ঘোষণা কৰিছিল ৷ ইয়াৰ ফলত গৃহবন্দী হৈ পৰিছিল চীনৰ সাধাৰণ জনতা ৷
এনে পৰিস্থিতিত ক্ষোভিত হৈ পৰে সাধাৰণ জনতা ৷ ইয়াৰ ফলত স্বতঃস্ফূৰ্ত ভাবে ৰাজপথত আহি প্ৰতিবাদ সাৱস্ত কৰে ৷ চীনত চৰকাৰৰ বিৰুদ্ধে এনে স্বতঃস্ফূৰ্ত গণ আন্দোলন বিৰল বুলি ক’ব পাৰি ৷