Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়আফগানিস্তানত পুুনৰ ৰাজহুৱা মৃত্যুদণ্ডৰ ঘটনা

আফগানিস্তানত পুুনৰ ৰাজহুৱা মৃত্যুদণ্ডৰ ঘটনা

ডিজিটেল ডেস্ক, ANEWS24X7: আফগানিস্তানত পুুনৰ ৰাজহুৱা মৃত্যুদণ্ডৰ ঘটনা ৷ ২০২১ চনত দ্বিতীয়বাৰৰ বাবে আফগানিস্তান দখল কৰা পিছত তালিবানে প্ৰথমবাৰ কোনো লোকক ৰাজহুৱাভাৱে মৃত্যুদণ্ড প্ৰদান কৰিছে ৷

২০১৭ চনত এজন লোকক হত্যা কৰাৰ অভিযোগত পশ্চিম আফগানিস্তানৰ ফাৰাহ প্ৰদেশৰ এজন লোকক মৃত্যুদণ্ড দিয়ে তালিবানে ৷

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে সদৰী কৰে এই কথা ৷ জাবিহুল্লাহ মুজাহিদে ঘটন্দৰ্ভত কয় যে ,‘‘পশ্চিম আফগানিস্তানৰ ফাৰাহ প্ৰদেশৰ এজন লোকক মৃত্যুদণ্ড দিয়া হৈছে।

তেওঁৰ বিৰুদ্ধে ২০১৭ চনত এজন লোকক হত্যা কৰাৰ অভিযোগ আছে। অভিযুক্তজনক সেই গোচৰতে বিচাৰ কৰি মৃত্যুদণ্ড দিয়া হৈছে। আদালতত বিচাৰৰ পিছত ধৰ্মীয় নেতাৰ নিৰ্দেশতে মৃত্যুদণ্ড প্ৰদান কৰা হৈছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments