Thursday, November 7, 2024
Homeঅসম৩ মাৰ্চত পালছ প'লিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

৩ মাৰ্চত পালছ প’লিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ দেশজুৰি অহা ৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া পালছ প’লিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী কামৰূপ মহানগৰ জিলাত সূচাৰুৰূপে ৰূপায়নৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ এখন বৈঠক অনুষ্ঠিত হয়৷ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদীপ কুমাৰ কোঁৱৰৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত পালছ প’লিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সফল কৰাৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়৷

জিলা প্ৰতিষেধক বিষয়াই জনাই যে কামৰূপ মহানগৰ জিলাত প্ৰায় দুই লাখ শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰ বাবে প্ৰায় চাৰি হেজাৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হৈছে৷ অহা ৩ মাৰ্চত বুথ পৰ্যায়ত অৰ্থাৎ চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰ সমূহত প’লিঅ’ৰ প্ৰতিষেধক দিয়া হ’ব৷

৪ আৰু ৫ মাৰ্চত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ ৩ মাৰ্চত প্ৰতিষেধক নোলোৱা শিশুক প্ৰতিষেধক প্ৰদান কৰিব৷ সমান্তৰালকৈ বাছ আস্থান আদিতো স্বাস্থ্যকৰ্মীয়ে প্ৰতিষেধক প্ৰদান কৰিব৷ পাঁচ বছৰ বয়সৰ ভিতৰৰ নিজৰ সন্তানে যাতে প’লিঅ’ প্ৰতিষেধক লাভ কৰে তাক নিশ্চিত কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে অভিভাৱকসকলক আহ্বান জনাই৷ তেওঁ লগতে নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ চিকিৎসক- স্বাস্থ্যকৰ্মী আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত আন বিভাগসমূহৰ সক্ৰিয় সহযোগিতা কামনা কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments