Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়হিটলাৰৰ দৰে অত্যাচাৰ কেন্দ্ৰ স্থাপন কৰিছে পুটিনে !

হিটলাৰৰ দৰে অত্যাচাৰ কেন্দ্ৰ স্থাপন কৰিছে পুটিনে !

ডিজিটেল ডেস্ক, ANEWES24X7: জাৰ্মান শাসক হিটলাৰ দৰে ৰূপ ধাৰণ কৰিছে নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৷ এসময়ত বিশ্ব ত্ৰাস সৃষ্টি কৰা হিটলাৰক অনুসৰণ কৰিছে নেকি পুটিনে ? শেহতীয়াকৈ ইউক্ৰেইনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰিৰ পৰা ইয়াকে অনুমান কৰিব পৰা গৈছে ৷

ইউক্ৰেইনৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাছিয়াই দখলৰ পৰা ইউক্ৰেনিয়ান সেনাই পুনৰ উদ্ধাৰ কৰা খাৰকিভ অঞ্চলত অতি কমেও ১০ টা অত্যাচাৰ কেন্দ্ৰ চিনাক্ত কৰিছে ৷ ইয়াৰ উপৰিও ইউক্ৰেইনৰ ইজিয়াম চহৰত এটা গণ কবৰ পোৱা গৈছে ৷ গণ কবৰটোৰ পৰা ৪০০ তকৈ অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ মৃতদেহ সমূহত অত্যাচাৰৰ চিন স্পষ্ট ভাবে আছে ৷ এই কথা সদৰি কৰে ইউক্ৰেইনৰ আৰক্ষী প্ৰধান ইগৰ ক্লিমেস্কো আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে

বিগত কেইবা মাহৰ যুদ্ধৰ পিছত উত্তৰ-পূৱ ইউক্ৰেইনৰ খাৰকিভৰ অঞ্চল ৰাছিয়া বাহিনীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয় ৷ অঞ্চল সমূহ পুনৰ উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে যুদ্ধৰ ভয়াবহ ছবি ৷ ৰাছিয়ান সেনাই যুদ্ধত দখল কৰা অঞ্চল সমূহত স্থাপন কৰিছিল আত্যাচাৰ কেন্দ্ৰ ৷ এই দাবী কৰিছে উক্ৰেইনৰ আৰক্ষী প্ৰধান ইগৰ ক্লিমেস্কোৱে ৷ ক্লিমেস্কোৱে কয় যে , ‘‘ মই খাৰকিভ অঞ্চলত কমেও ১০ টা অত্যাচাৰ কেন্দ্ৰ থকাৰ কথা কব পাৰো ৷ উত্তৰ-পূবৰ বালাকলিয়া চহৰতো দুটা অত্যাচাৰ কেন্দ্ৰ পোৱা গৈছিল।’’

আনহাতে শুক্ৰবাৰে ইজিয়াম চহৰত চিনাক্ত কৰা গণ কবৰটোৰ পৰা মৃতদেহ সমূহ উদ্ধাৰ কৰাৰ কাম আৰম্ভ কৰা হৈছে ৷ উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে এক ভিডিও বৰ্তা দি কয় যে , গণ কবৰৰ পৰা উদ্ধাৰ কৰা মৃতদেহ সমূহত অত্যাচাৰ চিন পোৱা গৈছে । তেওঁলোকৰ কিছুমানৰ হাত আৰু ভৰি ভাঙি গৈছিল আৰু কিছুমানৰ শৰীৰৰত, ডিঙিত ৰছী বান্ধি থোৱা আছে৷আনহাতে খাৰকিভ আঞ্চলিক প্ৰশাসনৰ মুৰব্বী ওলেগ চাইনেগুবভে কয় যে, উদ্ধাৰ হোৱা ৯৯ শতাংশ মৃতদেহত হিংসাত্মক মৃত্যুৰ চিহ্ন আছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments