Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়জি-২০ সন্মিলনৰ বিষয়ে মোডীৰ সৈতে ফোনত কথা পাতিলে পুটিনে

জি-২০ সন্মিলনৰ বিষয়ে মোডীৰ সৈতে ফোনত কথা পাতিলে পুটিনে

ডিজিটেল ডেস্ক, ANEWS24X7: যোৱা সপ্তাহত ক্ৰেমলিনে কয় যে তেওঁ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে। সোমবাৰে বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি পুটিনে মোডীক জনাইছে যে ইয়াৰ পৰিৱৰ্তে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।

জি-২০ সন্মিলনত পুটিনৰ অনুপস্থিতিৰ আঁৰৰ কাৰণ মোদীয়ে ফোনযোগে জানিব পাৰি মস্কোৰ অবিৰত সহযোগিতাৰ বাবে নতুন দিল্লীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে। অহা ৯-১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। পুটিন কিয় অনুপস্থিত থাকিব সেই বিষয়ে ব্যাখ্যা কৰি ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে যোৱা শুকুৰবাৰে কয় যে সেই সময়ত জৰুৰী সামৰিক কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰপতি পুটিন জি-২০ সন্মিলনত শাৰীৰিকভাৱে উপস্থিত নাথাকিব।

কূটনৈতিক মহলৰ এটা অংশৰ মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ব্যক্তিগতভাৱে উপস্থিত নহ’লেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জি-২০ সন্মিলনত ভাষণ দিব পাৰে। প্ৰসংগক্ৰমে যোৱা সপ্তাহত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) শীৰ্ষ সন্মিলনত পুটিন অনুপস্থিত আছিল। কিন্তু ইউক্ৰেইনত ‘সামৰিক সক্ৰিয়তা’ নহয়, যুদ্ধাপৰাধ, গণহত্যা আৰু শিশুৰ বলপূৰ্বক বদলিৰ অভিযোগত জাৰি কৰা আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ ৱাৰেণ্টৰ বাবে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ ব্ৰিকছৰ পৰা অনুপস্থিত আছিল। কাৰণ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই ৰাজহুৱাভাৱে কয় যে তেওঁলোক আইচিচিৰ সদস্য দেশ। ফলত দেশত ভৰি দিলে পুটিনক গ্ৰেপ্তাৰ কৰিব লাগিব। ব্ৰিকছত পুটিনৰ সলনি ৰাছিয়াৰ প্ৰতিনিধি হিচাপে উপস্থিত হৈছিল লাভৰভ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments