Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু , ১০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা

বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু , ১০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা

ডিজিটেল ডেস্ক ANEWS24X7: বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু। বৃহস্পতিবাৰে স্কটলেণ্ডৰ বালম’ৰেল পেলেচত মৃত্যু হয় ব্ৰিটেইনৰ ৰাণী গৰাকীৰ । এক বিবৃতি যোগে বাকিংহাম পেলেচেন এই কথা নিশ্চিত কৰে ।

১৯৫২ চনত ইংলেণ্ডৰ শাসনভাৰ গ্ৰহণ কৰা পৰাৰ পিছত মৃত্যুৰ পূৰ্বলৈকে ৭০ বছৰ কাল বৃটেইনৰ ৰাণী হৈ আছিল এলিজাবেথ দ্বিতীয়। ব্ৰিটেইনৰ ইতিহাসত সৰ্বাধিক শাসন চলোৱা শাসকৰ অভিলেখ ৰচি গৈছে ৰাণী এলিজাবেথে দ্বিতীয়ই । বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসুস্থ হৈ আছিল ৰাণী দ্বিতীয় এলিজাবেথ । ৰাণীৰ মৃত্যুত ব্ৰিটেইনত ১০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে ৰাণী এলিজাবেথে দ্বিতীয়ই তেওঁৰ জীৱন কালৰ অন্যতম গুৰুত্বপূৰ্ণ কামটো সম্পাদন কৰিছিল যোৱা মঙলবাৰে । যোৱা মঙলবাৰে ব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক আনুষ্ঠানিক ভাবে নিযুক্তি প্ৰদান কৰিছিল । সেই সময়ছোৱাতে ৰাণীৰ অসুস্থতাৰ কথা চৰ্চালৈ আহিছিল । কিয়নো ব্ৰিটেইনৰ পূৰ্বৰ পৰম্পৰা ভংগকৰি ৰাণী এলিজাবেথ দ্বিতীয়ই বাকিংহাম পেলেচৰ পৰিবৰ্তে স্কটলেণ্ড বালম’ৰেল পেলেচতে লিজ ট্ৰাছক অনুষ্ঠানিক ভাবে নিযুক্তি প্ৰদান কৰিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments