Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়মৃত্যুৰ পূৰ্বে মজ্জাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৰাণী এলিজাবেথ

মৃত্যুৰ পূৰ্বে মজ্জাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৰাণী এলিজাবেথ

ডিজিটেল ডেস্ক, ANEWS24X7: জীৱনৰ শেষৰ কেইবছৰমান ধৰি ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ মজ্জাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৷ ইয়াৰ ফলত ভৰি আৰু কঁকালত বিষ অনুভৱ কৰিছিল ৷ শেহতীয়াকৈ প্ৰকাশিত ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱনীখনে দাবী কৰিছে এই কথা ৷গাইলছ ব্ৰেণ্ড্ৰেথৰ ‘এলিজাবেথঃ এন ইন্টিমেন পোট্ৰেইট’ শীৰ্ষক গ্ৰন্থখনত প্ৰকাশ পাইছে এই তথ্য ৷

গাইলছে কয় যে ,‘‘যদিও বাকিংহাম পেলেচে এই তথ্য অনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই , বিশেষ সত্ৰৰ পৰা জানিব পৰা অনুসৰি দ্বিতীয় এলিজাবেথ শেষৰ কালচোৱাত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ এই কৰ্কট ৰোগ মজ্জাত প্লাজমা কোষৰ অস্বাভাৱিক বৃদ্ধিৰ ফলত হয় ৷’’

লগতে দাবী কৰে যে ,‘‘ইয়াৰ ফলত ৰাণীৰ ওজন দ্ৰুত হ্ৰাস হৈছিল ৷ তেওঁ বেছিভাগ সময় ভাগৰি পৰিছিল ৷ ২০২১ চনতত ৰাজকুমাৰ ফিলিপৰ মৃত্যৰ পিছত এক প্ৰকাৰে ভাগৰি পৰিছিল ৰাণী দ্বিতীয় এলিজাবেথ ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments