ডিজিটেল ডেস্ক, ANEWS24X7: গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যাব ৰাহুল গান্ধী । ভাৰত জোড়ো যাত্ৰাৰ পৰা বিৰতি লৈ গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ২২ নৱেম্বৰত গুজৰাট ভ্ৰমণৰ বাবে যাব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী ।
হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ নোযোৱাকলৈ এক প্ৰকাৰৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । নিৰ্বাচনৰ পৰা এক প্ৰকাৰে দূৰত্ব বজাই ৰখাৰ ফলত নিজ দলৰে নেতা কৰ্মীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰাহুল গান্ধী ।
আন হাতে গুজৰাটত আম আদমী পাৰ্টীৰ বৰ্ধিত জনপ্ৰিয়তা আৰু কংগ্ৰেছৰ বিকল্প দল হিচাপে আম আদমী পাৰ্টীক ৰাইজে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সম্ভাৱনা ব্যক্ত কৰিছে একাংশ ৰাজনৈতিক মহলে ।