ডিজিটেল ডেস্ক, ANEWS24X7: ৰাহুল গান্ধীক বোমা বিস্ফোৰণ কৰি হত্যাৰ ভাবুকি প্ৰদান কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ ৷ মধ্য প্ৰদেশ আৰক্ষীয়ে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক ৷ ধৃত ব্যক্তিজনৰ নাম দয়া ওৰফে নৰেন্দ্ৰ সিং ৷
উজ্জয়িন জিলাৰ নাগদা অঞ্চলত স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইন্দোৰ আৰক্ষীক গতাই দিয়ে দয়াক ৷ চিচি টিভিৰ ফোটেজৰ ভিত্তিত মধ্যপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দয়া ওৰফে নৰেন্দ্ৰ সিঙক ৷নৰেন্দ্ৰ সিঙে পূৰ্বেও বহু লোকক চিঠি আৰু ফোন কলৰ জৰিয়তে এনে ভাবুকি প্ৰদান কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
উল্লেখ্য যে , ১৮ নৱেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ বাবে মহাৰাষ্ট্ৰৰ পৰা ইন্দোৰত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীক বোমাৰে হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া এখন চিঠি লিখিছিল ধৃত দয়াই। ইন্দোৰৰ জুনি থানা অঞ্চলৰ এখন মিঠাইৰ দোকানৰ বাহিৰত উদ্ধাৰ হৈছিল এই ভাবুকি পত্ৰ খন ।