ডিজিটেল ডেস্ক, ANEWS24X7: ‘‘চৰাই মৰে ৰৈ, মানুহ মৰে কৈ’’, অসমীয়া সমাজত বহুল প্ৰচলিত এই ফকৰা-যোজনাটি যেন নিকপকপিয়াকৈ খাপ খালে কংগ্ৰেছ দলৰ মেৰুদণ্ডসদৃশ কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা সদ্যপ্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ ক্ষেত্ৰত৷ কিয়নো এতিয়া মুখৰ কথাৰ বাবেই কাৰাগাৰলৈ যাব লগীয়া হ’ব পাৰে কংগ্ৰেছ নেতা গৰাকী৷ অৱশ্যে ৰাহুল গান্ধীৰ ভাগ্যত কাৰাবাস আছেনে নাই তাৰ নিৰ্ভৰযোগ্য উত্তৰ পাবলৈ এতিয়াও কিছু অপেক্ষা কৰিব লাগিব৷ কিন্তু বিপদমুক্ত যে হোৱা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী সেয়া নিশ্চিত৷
কেৰালাৰ ৱায়ানাড লোকসভা আসনক প্ৰতিনিধিত্ব কৰা ৰাহুল গান্ধীক চুৰাটৰ এখন আদালতে মানহানিৰ গোচৰত কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে তেওঁক লোকসভাৰ সদস্যপদৰ বাবে অযোগ্য ঘোষিত কৰা হয়। লোকসভা সচিবালয়ৰ দ্বাৰা জাৰি কৰা এক জাননীত কোৱা হৈছে যে তেওঁৰ অযোগ্যতা সম্পৰ্কীয় আদেশ ২৩ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব। জাননীখনত কোৱা হয় যে ৰাহুল গান্ধীক সংবিধানৰ অনুচ্ছেদ ১০২(১)আৰু জনপ্ৰতিনিধি আইন ১৯৫১ৰ ধাৰা ৮ ৰ অধীনত অযোগ্য ঘোষণা কৰা হৈছে।
কিছু আইন বিশেষজ্ঞৰ মতে যদিও ৰাহুল গান্ধীয়ে চুৰাটৰ গোচৰত জামিন লাভ কৰিছে, তেওঁক আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ যদিও ৩০ দিনৰ সময়সীমা দিয়া হৈছে, তথাপিও আদালতৰ সিদ্ধান্তই তেওঁৰ সংসদৰ সদস্যপদক স্বয়ংক্ৰিয়ভাৱে অযোগ্য ঘোষিত কৰাৰ পথ প্ৰশস্ত কৰিলে। কিয়নো জনপ্ৰতিনিধি আইন, ১৯৫১-ৰ ধাৰা ৮(৩) অনুসৰি যিকোনো অপৰাধৰ বাবে এজন সাংসদ দোষী সাব্যস্ত হ’লে অথবা দুবছৰ সময়ৰ বাবে এজন সাংসদ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ লগে লগে তেওঁ সংসদৰ সদস্য পদৰ বাবে অযোগ্য হৈ পৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে মানহানিৰ গোচৰত ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছত এতিয়া কংগ্ৰেছ নেত্ৰী ৰেণুকা চৌধুৰীয়ে কৈছে যে তেওঁ ২০১৮ চনত সংসদত কৰা ‘‘শূপৰ্ণখা’’ মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব। ৰেণুকা চৌধুৰীয়ে টুইট কৰি লিখিছে, “এতিয়া আদালতে কিমান দ্ৰুততাৰে কাম কৰে চাওঁ আহক।”
ৰেণুকা চৌধুৰীয়ে সংসদীয় অধিৱেশনৰ এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ হাঁহিক ‘ৰামায়ণ’ ধাৰাবাহিকৰ চৰিত্ৰ ‘‘শূপৰ্ণখা’’ৰ সৈতে তুলনা কৰিছিল ৷