Friday, November 8, 2024
Homeৰাজনৈতিকজম্মু-কাশ্মীৰৰ পুঞ্চত নিহত সাধাৰণ নাগৰিকৰ পৰিয়ালক সাক্ষাৎ কৰে ৰাজনাথ সিঙে

জম্মু-কাশ্মীৰৰ পুঞ্চত নিহত সাধাৰণ নাগৰিকৰ পৰিয়ালক সাক্ষাৎ কৰে ৰাজনাথ সিঙে

ডিজিটেল ডেস্ক, ২৭ডিছেম্বৰ: জম্মু-কাশ্মীৰলৈ গৈ অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা পুনৰীক্ষণ কৰিবলৈ যোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে পুঞ্চ জিলাত নিহত সাধাৰণ নাগৰিকৰ পৰিয়ালক সাক্ষাৎ কৰে।

যোৱা ২২ ডিচেম্বৰত ৰহস্যজনক পৰিস্থিতিত তিনিজন সাধাৰণ নাগৰিকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।জম্মু-কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীয়ে কৰা মাৰাত্মক এম্বুছৰ এদিন পিছতে এই কথা ঘটিছিল।

ইয়াৰ পিছতে সেনাই অসামৰিক লোকৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে। সেনা মুৰব্বী জেনেৰেল মনোজ পাণ্ডেও পুঞ্চ ভ্ৰমণ কৰি অঞ্চলটোৰ স্থল পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে।

বুধবাৰে পুঞ্চত নিহত তিনিজন সাধাৰণ নাগৰিকৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে ৰাজনাথ সিং আজি বিয়লি ৰাজৌৰী জিলাত উপস্থিত হয়। লগতে তেওঁ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ আহত সাধাৰণ নাগৰিকৰ স্বাস্থ্য সন্দৰ্ভত সোধা-পোছা কৰে।

ডাক বাংলোত অনুষ্ঠিত বৈঠকত উপস্থিত থকা প্ৰাক্তন এমএলচি শ্বাহনাজ গনাইৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে কয় যে, ‘প্ৰতিৰক্ষা মন্ত্ৰীয়ে সাধাৰণ নাগৰিক, নাগৰিক সমাজৰ পৰিয়ালক সাক্ষাৎ কৰি ঘটনাৰ তদন্তৰ অন্তত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে .

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments