Thursday, March 12, 2026
Homeৰাজনৈতিক‘‘সলনি হৈ যাব পাৰে ইতিহাস, ভূগোল’’

‘‘সলনি হৈ যাব পাৰে ইতিহাস, ভূগোল’’

ভাৰত-পাক সংঘাতৰ মাজতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি পাকিস্তানক দিয়ে কঠোৰ সকীয়নি। ভাৰত-পাক সীমান্তৰ ছাৰ ক্ৰিক অঞ্চলত যিকোনো আগ্ৰাসনৰ উচিত উত্তৰ দিব ভাৰতীয় সেনাই। শেহতীয়াকৈ ভাৰতীয় সেনাৰ ‘শস্ত্ৰ পূজা’ কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত দশেহৰা উপলক্ষে উদযাপন কৰা হৈছে।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও অপাৰেচন সিন্দূৰক অতিশয় প্ৰশংসা কৰে। এই প্ৰসংগত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “ছাৰ ক্ৰিক অঞ্চলত পাকিস্তানৰ যিকোনো সামৰিক আগ্ৰাসনক উচিত উত্তৰ দিয়া হ’ব। ফলত ইতিহাস আৰু ভূগোলো সলনি হ’ব পাৰে।” তেওঁ লগতে কয়, “১৯৬৫ চনত ভাৰতীয় সেনাই লাহোৰ দখল কৰিছিল। ২০২৫ চনত পাকিস্তানে মনত ৰখা উচিত যে এই ক্ৰিক অঞ্চলটো কৰাচীলৈকে বিস্তৃত।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments