Thursday, March 12, 2026
Homeঅসম'ৰকিবুল হুছেইনে প্ৰতিদিনেই নিজৰ ভাষ্য সলাইছে'

‘ৰকিবুল হুছেইনে প্ৰতিদিনেই নিজৰ ভাষ্য সলাইছে’

মহেন্দ্ৰ পগাগ, বিহালী:  বিহালীত বিৰোধীৰ কোনটো দলে নিৰ্বাচন খেলিব অংক কৰাত ব্যস্ত হৈ থকাৰ সময়তেই বিজেপিৰ হৈ ধাৰাবাহিক ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী পিয়ুচ হাজৰিকাই ৷ আজি বৰগাং গাও পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে গৈ ৭ খনকৈ সভাত অংশগ্ৰহন কৰিলে মন্ত্ৰী পিয়ুচ হাজৰিকাই ৷ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি পিযুচ হাজৰিকাই কয় যে বিহালীত আমি জিকাটো নিশ্বিত আৰু বিৰোধীৰ হৈ কংগ্ৰেছ বা CPI(ML) যিটো দলেই নিৰ্বাচনত অৱতীৰ্ণ হয় তেওলোকৰ বিৰোদ্ধে আমি শক্তিশালী ৰুপে নিৰ্বাচনত অৱতীৰ্ণ হম।

আনহাতে ৰকিবুল হুচেইনয়ে পুনৰ পিযুচ হাজৰিকাক কৰা আক্ৰমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় ৰকিবুল হুচেইনয়ে প্ৰতি দিনেই নিজৰ ভাষ্য সলাইছে ৷ প্ৰথম দিনা কলে তেখেতে গাড়ী দিছে কালি ক’লে গাড়ী মোক দিয়া নাছিল ৷ প্ৰথম দিনা ক’লে তৰুণ গগৈক কৈ মোক টিকট দিছে কালি কৈছে ৰাহুল গান্ধীক কৈ মোক টিকট দিছে ৷ ৰকিবুল হুচেইনয়ে পাহৰি গৈছে ২০১১ চনত ৰাহুল গান্ধীয়ে তেওক চিনিয়েই পোৱা নাছিল ৷ মোক টিকট তেও ৰাহুল গান্ধীক কৈ দিওৱাটো অবান্তৰ কথা ৷ ৰকিবুল হুচেইনয়ে বেছি চাপ লৈছে ৷ ৰকিবুল হুচেইনয়ে মন্ত্ৰী হিচাবে মোক যি দৰে সহায় কৰিছে মইয়ো তেওক মন্ত্ৰী হিচাবে সহায় কৰিছো ৷ মই যদি খাই পাত ফলা তেন্তে ৰকিবুল হুচেইনয়ো খাই পাত ফলা ৷ ইফালে আজি বিজেপিৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ সম্ভাৱনা ৷

সাংসদ ৰঞ্জিত দত্তই কয় যে কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব প্ৰাৰ্থী ৷ জয়ন্ত বৰাৰ পদত্যাগ সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই কয় যে জয়ন্ত বৰা মোৰ সৰু ভাই হয় ৷ তেও পদত্যাগ কৰিছে ৷ মই তেওৰ ওপৰত একো মন্তব্য নিদিও ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments