তীৰ্থ বৰা, নগাঁও: বৃহস্পতিবাৰে নগাঁৱৰ চামগুৰিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী শৰ্মাই । মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা, সাংসদ ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা আদিৰ উপস্থিতিত মুখ্যমন্ত্ৰী গৰাকীয়ে সমবেত জনতাক সম্বোধন কৰে । ভাষণত তেওঁ চৰকাৰী উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে শীঘ্ৰেই পঞ্চাশ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে । ইপিনে তেওঁ সাংসদ ৰকিবুল হুছেইনক সমালোচনা কৰি কংগ্ৰেছ দলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাই অহা বুলিও প্ৰকাশ কৰে
- আৰু পঞ্চাশ বছৰ বিজেপিৰ চৰকাৰ অসমত থাকিব
- ৰকিবুল হুছেইনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে
- মাজে মাজে গুণ্ডাগিৰিও কৰে
- ২৫-৩০ হাজাৰ ভোটত জিকিব দীপ্লুৰঞ্জন শৰ্মা
- চামগুৰিৰ ৰাইজে এইবাৰ ভোট নিয়ন্ত্ৰণ কৰিব
- দৰিদ্ৰ আৰু দুখীয়াৰ বাবে চিন্তা কৰা এইখন চৰকাৰ
- আৰু পঞ্চাশ হাজাৰ যুৱক-যুৱতীক শীঘ্ৰেই চাকৰি দিম
- ইতিমধ্যে ডেৰ লাখক নিযুক্তি দিয়া হ’ল
- ‘আত্মনিৰ্ভৰ অসম’ আঁচনিৰ জৰিয়তে দুই লাখক যুৱ শক্তিক দুই লাখকৈ দিম
কনক হাজৰিকা নগাঁও