Thursday, November 7, 2024
Homeঅসমজনতাৰ মূৰত ৰাম টাঙোন

জনতাৰ মূৰত ৰাম টাঙোন

ডিজিটেল ডেস্ক, ANEWS24X7: অত্যাৱশ্যকীয় অত্যধিক মূল্যবৃদ্ধিয়ে হতবাক কৰিছে সাধাৰণ জনতাক ৷ ৰাজ্যৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ফাঁচীবজাৰত বৰপেটীয়া আলুৰ প্ৰতিকিলোগ্ৰামৰ মূল্য ১১ টকা ৷ ইয়াৰ বিপৰীতে বেংলোৰ আলু ১২ টকা ,৫০ পইচাৰ পৰা ১৩ টকালৈ বৃদ্ধি ৷ য’ত এসপ্তাহ পূৰ্বে ব্যৱধান আছিল প্ৰতিকিলোগ্ৰাম ৩ টকাকৈ কম ৷

আনহাতে মূল স্থানত ৩ টকা বৃদ্ধিৰ লগে লগে খুচৰা ব্যৱসায়ত দেখা দিছে ব্যাপক সামগ্ৰীৰ মূল্য ব্যৱধান ৷ পূৰ্বে ১২ টকাত বিক্ৰী কৰা আলু এতিয়া ২০ টকাত বিক্ৰী কৰা হয় ৷ বজাৰত বৃদ্ধি পোৱা এনে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে স্বাভাৱিকতে অসুবিধাত পেলাইছে সাধাৰণ গ্ৰাহকক ৷

১ টকা বা ২ টকাৰ ব্যৱধান নহয়, একেলগে ৮ টকা ব্যৱধানৰ আঁৰত কি ৰহস্য আছে আছে, তাকে লৈ প্ৰশ্ন এতিয়া সাধাৰণ গ্ৰাহকৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments