ডিজিটেল ডেস্ক, ২৪জুলাই: ক’ত হেৰাল প্ৰখ্যাত সংগীত শিল্পী, সংগীত পৰিচালক ৰমেন বৰুৱা?কাৰ ওপৰত অভিমান ৰমেন বৰুৱাৰ? ঐতিহ্যপূৰ্ণ বৰুৱাৰ ঘৰত দুজনেই বৰুৱা আছিল।তাৰো এজন অন্তৰ্ধান! কাৰ ওপৰত আচলতে তেওঁৰ এই আক্ষেপ?
যিবোৰ কথা চৰ্চা হৈছে, যালৈ আঙুলি উঠিছে সেই অভিযোগবোৰ মিছা নাছিল নেকি? নিয়মীত এক ৰুটিনৰ মাজেৰে জীৱন পৰিচালিত কৰা মানুহজনৰ বাবে এনে কঠোৰ সিদ্ধান্ত ল’ব পৰাকৈ পৰিস্থিতি সৃষ্টি কৰা জনে এতিয়া হিয়া উজাৰি কান্দিলেও পাব জানো তেওঁক বিচাৰি !
কি অসন্তুষ্টিত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা?এতিয়া এক দুঃচিন্তাৰ মাজত মানুহবোৰে উজান বজাৰৰ বিখ্যাত ‘বৰুৱা বংশৰ’ পুৰণি আভিজাত ঘৰটোত মাজ নিশা কি চলে তাক লৈ মুকলি আলোচনা কৰিছে। তেওঁৰ অবৰ্তমানত তেওঁৰ কন্যাক সান্তনা দিয়াৰ সলনি এইবোৰৰ বাবে তেওঁৰ কন্যাই দায়ী বুলি মানুহে মানি ল’ব পৰা কথাবোৰে মানুহক আচৰিত কৰি তুলিছে।
ৰমেন বৰুৱাক বিচাৰি নিশা গুৱাহাটীৰ অলিয়ে গলিয়ে ঘূৰিছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। কিন্তু বিছাৰি নাপালে মৰমৰ শিল্পী জনক। সময়ৰ ওপৰত এৰি দিলে সকলো ঘটনা।
সন্ধানহীন ৰমেন বৰুৱা সন্দৰ্ভত ভাতৃ দ্বীপেন বৰুৱাৰ ভাষ্য।’ৰমেনদাৰ লগত মই বেছি কথা নাপাতোঁ’। ‘কাৰণ ৰমেনদা অল্পভাষী, দৰকাৰ নহ’লে কথাই নাপাতে’। ‘মোৰ ৰুমৰ কাষতে থাকে বাবে কেতিয়াবা চিঞৰ-বাখৰ শুনা পাওঁ। ‘কিন্তু কথাবোৰ শুনি নাপাওঁ’। মই তাইৰ সৈতে বেছি কথা নাপাতোঁ, সেইটো মোৰ চিধা কথা’। ‘অশান্তি পাইছে বুলি মই গম পাইছো’
সত্যৰ অন্বেষণ হওক জীৱনৰ স্বাৰ্থত। বৰ্ণিকা বৰুৱাক সঁচা কথাবোৰ স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা এক পৰিবেশ সৃষ্টি হওক। এতিয়া কান্দিলে কি হ’ব? অনুশোচনাৰ জুয়ে তেওঁক পুৰিলেও জানো সন্ধানহীন হোৱা মানুহজন উভতি আহিব? আমিও এটা ভাল খবৰৰ আশাত বন্দী । ঘূৰি আহিব ৰমেন বৰুৱা। আকৌ সেই ১০০ বছৰ গৰকা বৰুৱা সংসাৰৰ ঐতিহ্যপূৰ্ণ ঘৰটো সমৃদ্ধ হৈ পৰিব।
NEWS DESK, ANEWS24X7