Monday, July 7, 2025
Homeঅসম‘ভাগ্যত থাকিলে উভতি আহিব ৰমেন বৰুৱা’

‘ভাগ্যত থাকিলে উভতি আহিব ৰমেন বৰুৱা’

ডিজিটেল ডেস্ক, ১৩আগষ্ট:  আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰমেন বৰুৱাৰ লতাশিলৰ বাসগৃহত উপস্থিত হয়। ৰমেন বৰুৱাৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিয়ালৰ সৈতে কথা-বতৰা পতাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, ‘ভাগ্যত থাকিলে উভতি আহিব ৰমেন বৰুৱা’।‘কিবা এটা খবৰ পোৱাৰ আশাতে মই ৰৈ আছিলো, বাকী ভাগ্যত যি আছে’।  ‘মানুহ যিহেতু আশাতো থাকিবই’।  ‘পৰিয়ালে বিচাৰিলে ঐতিহাসিক ঘৰটো সংৰক্ষণ কৰিব চৰকাৰে’

২৩ দিন পাৰ হ’ল। এতিয়াও কোনো শুংসূত্ৰ নাই অসমৰ প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱাৰ। ২২ জুলাইত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা উভতি অহা নাই তেওঁ। আৰক্ষীয়ে বহু অনুসন্ধান কৰিলে, ব্ৰহ্মপুত্ৰত চলোৱা হ’ল অভিযান, কিন্তু কোনো সন্ধান নোলাল।সকলোৰে মনত এটাই প্ৰশ্ন, ক’লৈ গ’ল ৰমেন বৰুৱা? ক’ৰবাত আত্মগোপন কৰিছে নে সঁচাকৈ ব্ৰহ্মপুত্ৰত পিছলি পৰিল? তাৰ স্পষ্ট উত্তৰ কাৰো হাতত নাই। কিন্তু সকলোৱে এতিয়াও আশাৰে বাট চাইছে তেওঁ ঘূৰি অহালৈ। সুকলমে ঘৰলৈ ঘূৰি আহক ৰমেন বৰুৱা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments