✍️কাঞ্চনজ্যোতি গোহাঁই: আগন্তক লোক সভাৰ নিৰ্বাচনৰ পূৰ্বেই ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ,শ্ৰম আৰু নিযুক্তিৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কামে কাজে চমক সৃষ্টি কৰিব নোৱাৰিলেও কিন্তু ২০২৩বৰ্ষত অসমৰ আন সাংসদ সকলৰ তুলনাত সৰ্বাধিক বিবাহৰ অনুষ্ঠানত ভাগ লৈ একপ্ৰকাৰে চমক সৃষ্টি কৰিলে বুলি একাংশ ৰাইজে দাবী কৰিছে ৷প্ৰাপ্ত তথ্য অনুসৰি চলিত বৰ্ষৰ অক্টোবৰ,নৱেম্বৰ আৰু ডিচেম্বৰ ভিতৰতে ১৭খনকৈ বিবাহৰ অনুষ্ঠানত ভাগ লৈছিল ৷
ইয়াৰ ভিতৰত বিজেপি দলৰ এগৰাকী কৰ্মকতাৰ কন্যাৰ তোলনী বিয়াৰ নিমন্ত্ৰণো ৰক্ষা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে তদুপৰি একেদিনাই সৰ্বাধিক দুই তিনিখনকৈ বৰ বিয়াতো সাংসদজনে অংশগ্ৰহণ কৰা তথ্য হাতত পৰিছে ৷
ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰা ১৭খনকৈ বিবাহৰ তালিকা এনেধৰণৰ —১৫অক্টোবৰত দুলীয়াজান সমষ্টিৰ অৰ্ন্তগত কঠালগুৰি গাঁৱৰ নিবাসী প্ৰহ্লাদ হাজৰিকাৰ কন্যাৰ বিয়াত অংশ লৈছিল ,একেদিনাই দুলীয়াজান বিজেপি মণ্ডলৰ সভাপতি সুদৰ্শন বসুমতাৰী দদায়েকৰ জীয়েকৰ বিয়াৰ নিমন্ত্ৰণো ৰক্ষা কৰিছিল ,২১অক্টোবৰত দুলীয়াজান সমষ্টিৰ টিংৰাই চাৰি আলিৰ ভদ্ৰেশ্বৰ গগৈৰ পুত্ৰ সঞ্জীৱ গগৈৰ বিবাহ, ৯নৱেম্বৰত ডিব্ৰুগড় জিলাৰ যুৱ মৰ্চাৰ প্ৰাক্তন সম্পাদক মনোজ গগৈৰ জীয়েকৰ তোলনী বিয়া ,২১নৱেম্বৰত নাহৰকটীয়াৰ নিবাসী তথা বিজেপি দলৰ কৰ্মী টংকেশ্বৰ গগৈৰ পুত্ৰ ৰক্তিম ৰঞ্জন গগৈৰ বিয়াৰ নিমন্ত্ৰণো ৰক্ষা কৰিছিল ,একেধৰণে ২২নৱেম্বৰত দুলীয়াজান ৰঙাগড়াৰ বিষ্ণু নামৰ এজন যুৱকৰ বিবাহত,২৭নৱেম্বৰত ডিব্ৰুগড় পৌৰসভাৰ ৬নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ হেমলতা শইকীয়াৰ কন্যাৰ বিয়াৰ লগতে একেদিনাই টেঙাখাত লেংৰাই চাহ বাগিছা অঞ্চলৰ বিজেপি দলৰ জ্যোষ্ঠ কৰ্মকতা গুণ গগৈৰ ভাগিনীয়েকৰ , আৰু দুলীয়াজান সমষ্টিৰ কঠালগুৰিৰ বিজেপি দলৰ কৰ্মী ৰাজীৱ বৰুৱাৰ কন্যাৰ বিয়াৰ নিমন্ত্ৰণো ৰক্ষা কৰিছিল ।
২৮ নৱেম্বৰতো দুলীয়াজানৰ সমাজকৰ্মী ৰমেশ বড়াৰ ভতিজাকৰ বিয়া আৰু বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী ৰৌশন ৰয়ৰ কন্যাৰ বিয়াতো সাংসদজন উপস্থিত আছিল ৷ অনুৰূপ ধৰণে ১ডিচেম্বৰত দুলীয়াজানৰ নিবাসী সঞ্জয় দাসৰ বিয়া,১৩ডিচেম্বৰত ৰাজেন্দ্ৰ চামৰজীয়া পুত্ৰ শ্বচীনৰ বিয়াত,১৫ডিচেম্বৰত সাৰ্থক নামৰ এজন আৰ এণ্ড ডি বিভাগৰ জেনেৰেল মেনেজাৰৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ,১৬ডিচেম্বৰত টিংখাং নাহৰনিৰ ভূপাল পানিকাৰ পুত্ৰ মনোজ পানিকাৰ বিয়াত,১৭ডিচেম্বৰত বিজেপি দলৰ কৰ্মী দীনেশ বড়া পুত্ৰৰ বিয়াৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ পুত্ৰৰ বিবাহকে ধৰি সৰ্বমুঠ ১৭খনকৈ বিবাহৰ অনুষ্ঠানত ভাগ লোৱা বিষয়তো সম্প্ৰতি ডিব্ৰুগড় বাসী ৰাইজৰ মুখত শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে বুলিও বুলি জানিব পৰা গৈছে ৷
