মহেন্দ্ৰ পগাগ, উত্তৰ অসম ব্যুৰ চীফ: ব’হাগ বিহুটি অসমীয়া মান ৷ তিনিটা বিহুৰ ভিতৰত প্ৰধান ৰঙালী বিহু ৷চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু সাত বিহু বুলিও জনা যায় ৷এই সাত বিহুৰ প্ৰথম দিনাই হ’ল গৰু বিহু ৷ ৰঙালী বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ সকলোতে দেখা যায় উখল-মাখল পৰিৱেশ ৷ চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু ৷ এই দিনটোত অসমীয়া ৰাইজে ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ আজি
গৰু বিহুৰ দিনা কৃষকসকলে গোহালিৰ পৰা গৰু, ম’হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে ৷ দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে ৷ তাৰ পিছতে গা ধুওৱাৰ পৰ্ব আৰম্ভ হয় ৷ গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে মংগল কামনাৰে লাউ, বেঙেনা, হালধি আদি গালৈ ছটিওৱা হয় ৷ অসমীয়াই এনেদৰে গায়-
লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ৷
মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু ৷ ৷
দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত আদিয়ে গৰু বিহু পালন কৰা হয় ।