ডিজিটেল ডেস্ক, ANEWS24X7: আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো দিন। আছিল গণিত বিষয়ৰ পৰীক্ষা । পুৱা ৯ বজাৰ পৰা কেন্দ্ৰসমুহত আৰম্ভ হয় পৰীক্ষা। কিন্তু পৰীক্ষাৰ প্ৰথম দিনা এই নকল কাণ্ডই ৰাজ্য জোকাৰি গৈছে । ইপিনে কাছাৰৰ গনিৰগ্ৰাম জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ দ্বিতীয় দিনাও নকল উদ্ধাৰ হৈছে।
পৰীক্ষাৰ আৰম্ভণিৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰটোত আৰক্ষীৰ তলাচী চলাই বস্তাই বস্তাই নকল উদ্ধাৰ কৰিছে। প্ৰথম দিনা পৰীক্ষা কেন্দ্ৰখনৰ দেৱাল বগাই নকল যোগান ধৰাৰ ঘটনা পোহৰলৈ আহিছিল। তাৰ পিছতেই আৰক্ষীয়ে নকল প্ৰতিৰোধৰ কাৰণে তৎপৰ হৈছিল ৷ ইতিমধ্যে, ৫ জন নকল যোগানকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ইমানৰ পাছতো পৰীক্ষাৰ্থী সকল সতৰ্ক হোৱা নাই ৷
আজি দ্বিতীয় দিনাটোত পৰীক্ষা কেন্দ্ৰৰ মুখ্য গেটত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল ৷ পৰীক্ষাৰ্থী সকলক সাৰি সাৰি কৰি লাইন পাতি তন্ন তন্ন কৈ তালাচী চলাই কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল। কিন্তু তালাচীৰ সময়ত ছাত্ৰ–ছাত্ৰীৰ পৰা হাতে লিখা নকল উদ্ধাৰ হৈছে।এনে ঘটনাই শিক্ষা তথা পৰীক্ষাৰ স্তৰ হ্ৰাস কৰাৰ লগতে ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যৎ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব ।