অংকুৰ ডেকা, মৰিগাঁও: কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান আৰু অভিভাৱক সভা। মৰিগাঁৱৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান আৰু অভিভাৱক সভা। সমগ্ৰ শিক্ষা মৰিগাঁৱৰ জিলা আঁচনি বিষয়া ৰোহিনী কুমাৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিদ্যালয়ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানটোত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা মুখ্য অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা ভাষণ দিয়াৰ লগতে হিমা দাস আৰু ইউচুফ মালালাৰ উদাহৰণ দাঙি ধৰি কিদৰে জীৱনৰ কঠিন পৰিস্থতিৰ মোকাবিলা কৰি সফলতাৰ আকাশ চুব পাৰি তাৰ এটা আভাস প্ৰদান কৰে।
আনহাতে অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা, লাহৰিঘাট শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কাচেম, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনমোহন ৰাজবংশী, ড° প্ৰণৱ জ্যোতি ডেকা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক যুৱ শৰ্মা, দীপক কুমাৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে আধাতে বিদ্যালয় এৰি যোৱা ছাত্ৰীক পুনৰ বিদ্যালয়মুখী কৰা বিদ্যালয়খনৰ পৰা ২০২৩ বৰ্ষত ২২ গৰাকী ছাত্ৰীৰ ভিতৰত ২১ গৰাকী উত্তীৰ্ণ হোৱাৰ লগতে ৪ গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে।