ডিজিটেল ডেস্ক ANEWS24X7: ২২ ছেপ্টেম্বৰত নিযুক্তি প্ৰদান কৰা হ’ব ৰাজ্যৰ ১২ হাজাৰ নিবনুৱা যুৱক-যুৱতীক। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অয়োজন কৰিব লগীয়া এক অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰিব এই ১২ হাজাৰ নিবনুৱা যুৱক-যুৱতীক ।
বৃহস্পতিবাৰে জনতা ভৱনত আয়োজিত এক বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্ত পত্ৰ প্ৰদান অনুষ্ঠানত কনিষ্টবল আৰু পৰিদর্শক পদৰ ৫,২০০ প্রার্থীক , লোক নির্মাণ বিভাগত ২৫৬ গৰাকী সহকাৰী অভিযন্তাক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ভাষা শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যানা বিভাগসমূহত নির্বাচিত হোৱা প্রার্থীসকলক বিভিন্ন পদবীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব । এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।