Thursday, November 7, 2024
Homeঅসমগুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি সমাৰোহ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি সমাৰোহ

ডিজিটেল ডেস্ক, ১৩আগষ্ট: ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰ। আজি ১১২৭ গৰাকী চাকৰি প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে। এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ ভিতৰত লোকনিৰ্মাণ বিভাগত ২৬৬ গৰাকী আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮৬১ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এতিয়ালৈকে ৯৯,০৯৭ গৰাকীক নিযুক্তি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় এই নিযুক্তি সমাৰোহ।

‘‘আজি ১১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে। ২০২১ চনৰ মে’ মাহত আমাৰ চৰকাৰ অহাৰ পিছত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুদি দিছিলো আৰু আমি ইয়াৰ প্ৰায় ওচৰ পাইছো। আৰু কেইটামান নিযুক্তিৰ পিছত এক লাখ সম্পন্ন হ’ব। এতিয়ালৈ ৯৯ হাজাৰ ৯৭ গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে। ২০২১ বৰ্ষত ৪,৮৭৯ গৰাকী, ২০২২ বৰ্ষত ৩৫,১৩০ গৰাকী, ২০২৩ বৰ্ষত ৪৮,৬৩৮ গৰাকী, ২০২৪ বৰ্ষত ৩,৫৯৫ গৰাকীক নিযুক্তি দিয়া হৈছে। অসম চৰকাৰৰ বাজেটৰ পৰা বি টি এ ডি, কাৰ্বি আংলং আৰু ডিমা হাছাওত ৬৯৫৫ গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে।’’

‘‘অসমত কোনো এটা ৰাস্তা তিনি বছৰতকৈ অধিক নিটিকে। মূল কাৰণ হ’ল ইঞ্জিনীয়াৰসকল জড়িত হৈ নাথাকে। ঠিকাদাৰসকলে জ্ঞান নথকা মিস্ত্ৰী লৈ আহে, কাম কৰাৰ সময়ত ঠিকাদাৰসকলে চাবলৈ নাহে। এনেকৈ থাকিলে কাম কৰাৰ পৰিৱেশ নাথাকিব। এটা ৰাস্তা ন্যূনতম পাঁচ বছৰৰ পিছতহে মেৰামতি কৰিব লাগে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments