Wednesday, July 9, 2025
Homeঅসমঅমৃত ভাৰত ষ্টেচন আঁচনিৰ অংশ হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জাগীৰোড ৰেল...

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অংশ হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জাগীৰোড ৰেল ষ্টেচনৰ পুনৰ্বিকাশ

মালিগাঁও, ২৭ ফেব্ৰুৱাৰী, ২০২৪: উত্তৰ-পূৰ্ব্বাঞ্চল আৰু অসমত ৰেলৰ সা-সুবিধা অধিক বৃদ্ধি কৰাৰ বাবে ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেটত ৰেল আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ১০,৩৬৯ কোটি টকা আৱণ্টন কৰা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ (এবিএছএছ) অধীনত, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত ৯১ টা ষ্টেচন বিশ্বমানৰ আধুনিক সা-সুবিধাৰ সৈতে পুনৰ্বিকশিত কৰা হৈ আছে। নিৰ্বাচিত ৰেল ষ্টেচনসমূহৰ ভিতৰত অসমৰ জাগীৰোড ৰেল ষ্টেচনে ৩১.১৮ কোটি টকা ব্যয় সাপেক্ষে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এক উল্লেখযোগ্য নতুন ৰূপ লাভ কৰিব। এই ষ্টেচনৰ পুনৰনিৰ্মাণে কাষৰীয়া অঞ্চলসমূহৰ ৰেল ব্যৱহাৰকাৰীসকলক অত্যাধুনিক সা-সুবিধা প্ৰদান কৰিব।

 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত জাগীৰোড ৰেল ষ্টেচন হৈছে অসমৰ মৰিগাঁও জিলাৰ এটা গুৰুত্বপূৰ্ণ ষ্টেচন যিয়ে জাগীৰোড চহৰৰ জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে শেহতীয়া সা-সুবিধাৰ সৈতে এচি আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰতীক্ষা কক্ষৰ দৰে বিশেষ সুবিধাৰে বৰ্তমানৰ ষ্টেচন ভৱনটো উন্নত সন্মুখভাগৰ সৈতে সম্প্ৰসাৰিত কৰা হব। যাত্ৰীৰ ড্ৰপ আৰু পিকআপৰ বাবে বাৰাণ্ডাৰ উন্নয়ন, দিব্যাংগ অনুকূল ৰেম্প চাৰ্কুলেটিং এৰিয়া আৰু অন্যান্য আধুনিক সা-সুবিধা যেনে চতুৰ্দিশৰ এলেকাত বাগিচা/পাৰ্ক আৰু কেফেটেৰিয়া সুবিধা আৰু আধুনিক ছাইনেজৰ লগতে ৱাটাৰ ফাউণ্ডেচনো প্ৰদান কৰা হব। পুৰুষ আৰু মহিলা যাত্ৰীসকলৰ বাবে নতুন টয়লেট ব্লক পৃথকে নিৰ্মাণ কৰা হব। সকলো ধৰণৰ বাহনৰ বাবে উন্নতমানৰ পাৰ্কিঙৰ সুবিধা আৰু চতুৰ্দিশৰ এলেকাৰ সৌন্দৰ্যবৰ্ধনৰ পৰিকল্পনা কৰা হৈছে। যাত্ৰীসকলৰ চলাচল সহজ কৰাৰ বাবে সকলো প্লেটফৰ্মত শ্বেলটাৰ প্ৰদান কৰা হব আৰু মাৰ্বল শিল, টাইল আদিৰে প্ৰতিস্থাপিত স্থাপন কৰা হব। প্ৰৱেশ প্ৰস্থান পথ বিকশিত কৰা হ, যি যাত্ৰীসকলৰ অহা যোৱাৰ বাবে উন্নত পথ প্ৰদান কৰিব।

 

ওপৰোক্ত সকলো কামৰ বাবে নিবিদা প্ৰদান কৰা হৈছে। নতুন ষ্টেচন ভৱনটোৰ আধাৰশিলাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। অন্যান্য যাত্ৰীৰ সুবিধা যেনে বুথ/কিয়স্ক, পাৰ্কিং এলেকাত ফুড কোৰ্ট, লেণ্ডস্কেপিং আলোকসজ্জাৰ ব্যৱস্থা, দিব্যাংগজনৰ বাবে সহজলব্ধ ৱাটাৰ বুথৰ ব্যৱস্থা আদিৰ কাম চলি আছে।

 

এই ষ্টেচনৰ উন্নীতকৰণৰ ফলত নতুন নিয়োজন, ব্যৱসায়ৰ সা-সুবিধা সৃষ্টিৰ লগত সমগ্ৰ উত্তৰ পূৱৰ যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণৰ সুবিধা হ’ব।  পুনৰ্বিকশিত ষ্টেচনটোৱে উক্ত অঞ্চলটোৰ সামাজিক অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে কাম কৰিব।                                                                                                                    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments