Monday, July 7, 2025
Homeঅসমঅনুতপ্ত প্ৰবীন আগৰৱালা

অনুতপ্ত প্ৰবীন আগৰৱালা

চামচুল হক, ৰঙিয়া:  আদালতলৈ লৈ যোৱা হ’ল ৰঙিয়া ঘটনাৰ মূল অভিযুক্ত প্ৰবীন আগৰৱালা। এই ঘটনাক লৈ অনুতপ্ত প্ৰবীন আগৰৱালা। চাপৰমুখত ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল প্ৰবীন আগৰৱালাই

আত্মহত্যা কৰিবলৈ যাওঁতে প্ৰত্যক্ষদৰ্শীয়ে বচাইছিল প্ৰবীন আগৰৱালাক। অত্যধিক ঋনৰ বাবেই এই চৰম পন্থা লৈছিল প্ৰবীন আগৰৱালাই। নিজক এনকাউণ্টাৰ কৰিবলৈ আহ্বান জনায় আছে প্ৰবীন আগৰৱালাই

উল্লেখযোগ্য যে পত্নী–কন্যাৰ মৃত্যুৰ পিছত ৰে’লযোগে ৰহা পাইছিলগৈ প্ৰবীণ আগৰৱালা। চাপৰমুখত ৰে’লৰ আগত পৰি নিজকে শেষ কৰাৰ চেষ্টা চলাইছিল আগৰৱালাই। কিন্তু প্ৰত্যক্ষদৰ্শীয়ে বচাইছিল প্ৰবীণ আগৰৱালাক। এবাৰ নহয়, তিনিবাৰকৈ আত্মঘাতী হোৱাৰ চেষ্টা চলাই ব্যৰ্থ হৈছিল প্ৰবীণ।

বৃহস্পতিবাৰে নিশা পত্নী, কন্যা আৰু নিজেই প্ৰবীণ আগৰৱালাই নিজ ইচ্ছামতে হাঁহি হাঁহি জীৱন শেষ কৰাৰ চেষ্টা কৰিছিল। বিহপান কৰাৰ পিছতো ১২ ঘণ্টালৈকে মৃত্যু হোৱা নাছিল পত্নী–কন্যাৰ। সেয়ে পুনৰ চিপ লৈ আত্মহত্যা কৰা বুলি মন্তব্য কৰে প্ৰবীণে। সেয়ে এতিয়া নিজকে একাউণ্টৰ কৰিবলৈ আহ্বান জনাইছে প্ৰবীণ আগৰৱালাই‌।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments