Friday, November 8, 2024
Homeৰাজনৈতিকঅ’বিচিৰ বাবে স্থানীয় নিৰ্বাচনত আসন সংৰক্ষণ

অ’বিচিৰ বাবে স্থানীয় নিৰ্বাচনত আসন সংৰক্ষণ

ডিজিটেল ডেস্ক, ANEWS24X7:  উত্তৰ প্ৰদেশৰ স্থানীয় নিৰ্বাচনত অ’বিচিৰ বাবে আসন সংৰক্ষণৰ আবেদন গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে । চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত সংৰক্ষণৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ । বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপিঠে উত্তৰ প্ৰদেশ চৰকাৰৰ আবেদন গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰিছে ।

উত্তৰ প্ৰদেশ চৰকাৰে যোৱা ৫ ডিচেম্বৰত ১৭ খন নিগমৰ মেয়ৰ , ২০০ খন পৌৰসভাৰ অধ্যক্ষ আৰু ৫৪৫ খন নগৰ পঞ্চায়তৰ বাবে অ’বিচি সংৰক্ষিত আসনৰ এখন তালিকা প্ৰকাশ কৰিছিল । ইয়াৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই এলাহাবাদ উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছিল ।

এই আবেদনৰ ৰায় প্ৰদান কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে সংৰক্ষণ অবিহনে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল । আৰু চৰকাৰৰ সংৰক্ষণ তালিকাক স্থগিত কৰাৰ নিৰ্দেশ দিছিল । ইয়াৰ পিছতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল উত্তৰ প্ৰদেশ চৰকাৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments