নিউজ ডেস্ক, ANEWS24X7: নৱবৰ্ষৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিশেষ নিৰ্দেশনা ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে কেৱাইচি প্ৰক্ৰিয়াত পৰিৱৰ্তন আনিছে ৷ এতিয়াৰে পৰা গ্ৰাহক সকলে বেংক শাখালৈ অহা অবিহনে কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব ৷ গ্ৰাহক সকলে অনলাইন ভিডিঅ’ কলৰ জৰিয়তে কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব ৷
ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে ,‘‘যি সকল গ্ৰাহকে ইতিমধ্যে তেওঁলোকৰ কেৱাইচি বেংকত জমা কৰিছে তেওঁলোকে কেৱাইচিৰ সৈতে স্বীকৃত নথিপত্ৰৰ সৈতে পৰীক্ষা কৰা হ’ব ৷ যদি কোনো বিসংগতি থাকে তেন্তে গ্ৰাহকসকলে নতুন কেৱাইচি দখল কৰিব লাগিব ৷’’
অৱশ্যে গ্ৰহকসকলে কেৱাইচি সংশোধন কৰিবলৈ বা তাত কোনো নতুন তথ্য সংযোগ কৰিবলৈ বেংক শাখালৈ আহিব নালাগিব ৷ গ্ৰহকসকলে এই প্ৰক্ৰিয়াটো অনলাইন যোগে কৰিব পাৰিব ৷ যদি গ্ৰাহকৰ ঠিকনা সলনি কৰা হয় , তেন্তে এই সুবিধা লাভ নকৰিব ৷ বেংকবোৰে গ্ৰাহক চিনাক্ত কাৰৰ পদ্ধতি হিচাপে কেৱাইচিক বাৰে বাৰে সংশোধন আৰু পৰিষ্কাৰ কৰা অব্যাহত ৰাখিব ৷
যদি গ্ৰাহক এজনে তেওঁৰ ঠিকনা সলনি কৰে তেন্তে নতুন নথি এখনৰ সৈতে বেংক কৰ্তৃপক্ষক জনাব লাগিব ৷ বেংকে দুমাহৰ ভিতৰত ঠিকনটো পৰীক্ষা কৰিব ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে যোৱা বছৰ ডিচেম্বৰত সম্ভাব্য পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল ৷