Thursday, March 12, 2026
Homeঅসমৰেচন কাৰ্ডত নাম থকা সকলে এতিয়াৰে পৰা লাভ কৰিব এইসমূহ সুবিধা

ৰেচন কাৰ্ডত নাম থকা সকলে এতিয়াৰে পৰা লাভ কৰিব এইসমূহ সুবিধা

ডিজিটেল ডেস্ক, anews24x7: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত মঙ্গলবাৰে মুখ্যমন্ত্ৰীয়ে নৱগঠিত যোৰহাট বিধান সভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰী সকলক ৰেচন কাৰ্ড বিতৰণ কৰে। এই সভাতে যোৰহাটবাসী ৰাইজক যোৰহাট নগৰখনত অচিৰেই আৰম্ভ হ’ব লগা কেইবাটাও বহু প্ৰত্যাশিত উন্নয়নমূলক প্ৰকল্পৰ কথা অৱগত কৰে ।

যোৰহাট সমষ্টিৰ ৬,৩২৮গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ’ব নতুন ৰেচন কাৰ্ড। খাদ্য সুৰক্ষা আইনৰ অধীনত যোৰহাট বিধানসভা সমষ্টিৰ ২৩,১০০গৰাকী হিতাধিকাৰী উপকৃত হ’ব । ১৬জানুৱাৰীৰ পৰা অসমত নতুনকৈ ১০ লাখ পৰিয়ালৰ ৪২লাখ লোকক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা হাতত লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতীকী ৰূপত ২০গৰাকী হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড বিতৰণ কৰে। পৰৱৰ্তী সময়ত বাকী হিতাধিকাৰীসকলক পঞ্চায়তসমূহত বিতৰণ কৰা হ’ব ৰেচন কাৰ্ড। আনহাতে ৰেচন-কাৰ্ড থকা হিতাধিকাৰীসকলক অচিৰেই অৰুণোদয় আঁচনিও প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত এই ৰেচন কাৰ্ডত গ্ৰাহকসকলে কি সুবিধা পাব  সেই সন্দৰ্ভত বিতংক ভাৱে উল্লেখ কৰাৰ উপৰিও যোৰহাটৰ কেইবাটাও উন্নয়নমূলক কাম শীঘ্ৰে আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰে  ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments