Tuesday, July 8, 2025
Homeঅসমৰিপুন বৰাক উভতি ধৰিলে মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই

ৰিপুন বৰাক উভতি ধৰিলে মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই

ডিজিটেল ডেস্ক,anews24x7: অসম প্ৰদেশ TMC ৰ সভাপতি ৰিপুন বৰাই সংবাদ মেলত ৰান্ধনী সকলৰ সমস্যাৰ কথা কবলৈ গৈ উজুটি খোৱা দেখা গল। সংবাদ মেলত ৰান্ধনী সকলে দীৰ্ঘদিনে পৰিশ্ৰমিক নাইপোৱা বুলি কৈছিল যদিও প্ৰকৃততে ৰান্ধনী সকলৰ বাবে আবন্তিত কেন্দ্ৰীয় অংশ প্ৰতি মাহে পাই আছে ৰাজ্যিক চৰকাৰে দিয়া 500 টকাটোহে বিগত তিনি মাহে লাভ কৰা নাই।

লোকসভা নিৰ্বাচন চমু চাপি অহাৰ বাবে ৰিপুন বৰাই সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে ৰান্ধনী সকলৰ সমস্যা উপস্থাপন কৰিছে যদিও সমস্যাটোৰ বিষয়ে ভালকৈ নজনাকৈ বক্তব্য ৰখা দেখা গল। সংবাদ মেলৰ পাছতে ৰান্ধনী সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শাসনত থকাৰ সময়ত ৰিপুন বৰাই ৰান্ধনী সকল সমস্যাক কোনো গুৰুত্ব নিদিলে।

এতিয়া বিৰোধিত থাকি মাত্ৰ ভূতৰ লোভত ঘৰীয়ালৰ চকুপানী টুকি দেখাইছে। ৰান্ধনী সকলৰ প্ৰকৃত সমস্যা নজনাকৈ ভোতৰ লোভত ৰান্ধনী সকলক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments