Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়কেইবাটাও অভিলেখ গঢ়ি ব্ৰিটেইনৰ প্রধানমন্ত্ৰী হ’ব ঋষি চুনাক

কেইবাটাও অভিলেখ গঢ়ি ব্ৰিটেইনৰ প্রধানমন্ত্ৰী হ’ব ঋষি চুনাক

 

ডিজিটেল ডেস্ক, ANEWS24X7: ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী ঋষি চুনাক । বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় ঋষি চুনাক । জয়ী হৈ কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ঋষি চুনাকে ইউকেৰ অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ একত্ৰিত হ’বলৈ আহ্বান জনায় । ভাৰতীয় বংশোদ্ভূত নেতাজনে চৰকাৰৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে জনোৱা এই আহ্বানে বিশেষ তাৎপৰ্য বহন কৰিছে ।

কেইবাটাও অভিলেখ গঢ়ি ব্ৰিটেইনৰ প্রধানমন্ত্ৰী হ’ব ঋষি চুনাক । বিজয় নিশ্চিত হোৱাৰ পিছতে ঋষি চুনাকে প্ৰথম ভাষণত কয় যে,‘‘ইউকেৰ অৰ্থনৈতিক সংকট গভীৰ ।মোৰ প্ৰথম কাম হ’ব কনজাৰ্ভেটিভ পাৰ্টি আৰু দেশৰ জনসাধাৰণক একত্ৰিত কৰা । ইউকেলৈ স্থিৰতা আনিব লাগিব ।’’

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ভাৰতীয় মূলৰ এজন ব্যক্তি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ’ব । ব্ৰিটেইনৰ ২০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী লাভ কৰিব ব্ৰিটেইনে । মঙলবাৰে ঋষি সুনকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব। ৰজা তৃতীয় চাৰ্লছে তেওঁক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments