ডিজিটেল ডেস্ক, ANEWS24X7: ক্ৰমাত আৰু জটিল পৰিস্থিতিৰ দিশে গতি কৰিছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সংঘাটে ৷ দীৰ্ঘদিন ধৰি চলি অহা যুঁজ খন বৰ্তমানেও সমাপ্তিৰ দিশে গতি কৰা নাই ৷ ইয়াৰ মাজতে ৰাছিয়াৰ তৰফৰ পৰা পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰা হৈছে ৷ ইয়াকে লৈ ইউক্ৰেইনত উত্তেজনাই বিৰাজ কৰিছে ৷
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকিৰ পিছতে আলোচনা কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে ইউক্ৰেইনে ৷ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বেলাৰুছ সীমান্তত ইউক্ৰেইনৰ প্ৰতিনিধিয়ে ৰাছিয়াৰ সৈতে আলোচনা কৰিবলৈ সাজু হৈছে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ সৈতে ফোনত কথা পাতি ইউক্ৰেইন-বেলাৰুছ সীমান্তত ৰাছিয়াৰ সৈতে কোনো পূৰ্বচৰ্ত নোহোৱাকৈ আলোচনা কৰিব বুলি কথা দিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাৰমাণৱিক অস্ত্ৰেৰে সুসজ্জিত এখন ৰে’ল মস্কোৰ সমীপত দেখা গৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগৰ অধীনত থকা ৰে’ল খন অতি প্ৰয়োজনীয় নহ’লে কেতিয়াও বাহিৰলৈ উলিয়াই অনা নহয়। ৰাছিয়াই কিয় ৰে’ল খন মস্কোৰ পৰা চলাইছে তাকে লৈ সন্দেহ ঘমীভূত হৈছে। সন্দেহ কৰা হৈছে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ বাবে এই ৰেলখনৰ যোগেদি পাৰমাণৱিক অস্ত্ৰ সীমান্তলৈ প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে পূৰ্বতেও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছে ৷ কিন্তু এই আলোচনা সমূহৰ পৰা কোনো সুফল পোৱা নাই ৷ পূৰ্বে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে কৈছিল যে,‘‘ইউক্ৰেইনৰ সৈতে তেতিয়াহে আলোচনা কৰা হ’ব যেতিয়া ইউক্ৰেইনৰ সেনাই অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পন কৰিব।’’