ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল ক্ষেত্ৰী। এটি দম্পত্তিৰ সৈতে শোকাৱহ ঘটনা। বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত জমা হোৱা পানীয়েই হ’ল কাল। মুহূৰ্ততে নোহোৱা হৈ গ’ল এটি পৰিয়াল।
পুৱতি নিশা সকলোকে হাঁহিমুখে মাত দি ওলাই গৈছিল ৩জনীয়া পৰিয়ালটো। পাতিদৰঙৰ শহুৰৰ পৰা ৰহাৰ নিজ ৰাওনা হৈছিল ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ পৰিয়ালটো। হাঁহি-ধেমালিৰে ৰহা অভিমুখে ৰাওনা হোৱা পৰিয়ালটো গন্তব্য স্থান পাবলৈ কিছু বাট থকাৰ পূৰ্বে শেষ হৈ গ’ল সকলো।
প্ৰত্যক্ষদৰ্শীৰ মতে, ঘণ্টাত ৮০ৰ পৰা ১০০ কিলোমিটাৰ গতিত অহা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইদাৰত থকা এদাল গছ খুন্দা মাৰে। গাৰ নোম শিয়ৰি উঠা দুৰ্ঘটনাত থিতাতে নিহত হয় ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু পত্নী অৰ্চনা দেৱী। আনফালে এতিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি আছে তেওঁলোকৰ একমাত্ৰ কন্যা কৃপালিনী গাৰ্গ।
