Sunday, July 6, 2025
Homeঅসমপথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু ভিডিঅ' জাৰ্ণেলিষ্ট ধনটি হীৰাৰ

পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু ভিডিঅ’ জাৰ্ণেলিষ্ট ধনটি হীৰাৰ

ডিজিটেল ডেস্ক, anews24x7: চামগুৰিৰ খাটোৱালত সংঘটিত পথ দূৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু ভিডিঅ’ জাৰ্ণেলিষ্ট ধনটি হীৰাৰ। বাইকেৰে আহি থকাৰ অৱস্থাত খাটোৱালৰ বৰভেটিত পথত ৰৈ থকা দুজন যুৱকক খুন্দিয়াই দূৰ্ঘটনাত পতিত হয় ধনটি হীৰা।

দুজন বন্ধুসহ চামগুৰিৰ বকুলতলৰ পৰা নিশা খাটোৱালস্থিত ঘৰৰ অভিমুখে বাইকেৰে আহি আছিল ধনটি হীৰা।দূৰ্ঘটনাটোৰ ফলত দুয়োজন বন্ধুসহ ধনটি আৰু পথত ৰৈ থকা আন দুজন যুৱক আহত হয় অতি গুৰুতৰভাৱে। কিন্তু অতি ৰহস্যজনকভাৱে কিছুসময়ৰ পিছতেই ঘটনাস্থলিতে মৃত্যু মুখত পৰে ভিডিঅ’ জাৰ্ণেলিষ্ট ধনটি হীৰা।

ভয়ংকৰ দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত একাংশই ধনটি হীৰাক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ ধনটি হীৰাৰ পৰিয়ালৰ লোকৰ। ঘটনাস্থলিত খাটোৱাল আৰক্ষী উপস্থিত হৈ দূৰ্ঘটনাগ্ৰস্ত মটৰচাইকেল খন উদ্ধাৰ কৰাৰ লগতে ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments