ডিজিটেল ডেস্ক, ANEWS24X7: দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব আৰএছএছ প্ৰধান মোহন ভাগৱত ৷ অহা ১০ ডিচেম্বৰত অসমলৈ আহিব মোহন ভাগৱত ৷
১১ ডিচেম্বৰত চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা সনিমলনত অংশগ্ৰহণ কৰিব সংঘ প্ৰধান গৰাকীয়ে ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে এই কথা ৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকৰ্তাৰ বিকাশৰ বাবে চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত আয়োজন কৰা হৈছে “প্ৰেৰণা শিবিৰ” ।
এই শিবিৰত সংঘ প্ৰধান মোহন ভাগৱতৰ সন্মুখত কৰা হ’ব শাৰীৰিক অনুশীলনো ।৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া কৈ আয়োজন কৰা হৈছে “প্ৰেৰণা শিবিৰ” ৷ এই শিবিৰত অংশগ্ৰহণ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ স্বায়ং সেৱকে ৷