Saturday, November 9, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ইউক্ৰেইন দখলৰ নতুন পৰিকল্পনা ৰাছিয়াৰ

ইউক্ৰেইন দখলৰ নতুন পৰিকল্পনা ৰাছিয়াৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ইউক্ৰেইন দখলৰ বৃহৎ পৰিকল্পনা ৰাছিয়াৰ ৷ ২০২৩ ত ইউক্ৰেইন দখলৰ পৰিকল্পনা কৰিছে ৰাছিয়াই ৷ ২০২৩ বৰ্ষৰ প্ৰথমভাগত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত পুনৰ আক্ৰমণ কৰিব পাৰে ৷ প্ৰায় দুই লাখ সেনালৈ ৰাছিয়াই আক্ৰমণ কৰিব পাৰে কিয়েভত ৷ এই আশংকা কৰিছে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী জেনেৰেল ভেলেৰী জালুজনীয়ে ৷

ইউক্ৰেইনত ৰাছিয়াই চলোৱা বিশেষ সামৰিক অভিযান ১০ মাহ অতিক্ৰম কৰিছে ৷ যুদ্ধৰ আৰম্ভণিতে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আক্ৰমণ কৰিছিল ৷ ইউক্ৰেইনৰ সেনাৰ ব্যাপক প্ৰতিৰোধৰ পিছত পিছুৱাই গৈছিল ৰাছিয়ান সেনা ৷ বৰ্তমানেও ইউক্ৰেইনৰ পূৱ আৰু দক্ষিণ অঞ্চলত যুদ্ধ অব্যাহত আছে ৷

ইয়াৰ মাজতে ইউক্ৰেইনৰ সেনাপ্ৰধানৰ এটা সাক্ষাতে সকলোকে আচৰিত কৰি তুলিছে ৷ ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী জেনেৰেল ভেলেৰী জালুজনীয়ে কয় যে , ‘‘ ৰাছিয়াই কিয়েভত নতুন আক্ৰমণৰ বাবে কৌশলগত আৰু গুৰুত্বপূৰ্ণ প্ৰস্তুতি চলাই আছে। আক্ৰমণটো ফেব্ৰুৱাৰীত হ’ব পাৰে। অন্যথা, জানুৱাৰী অথবা মাৰ্চ মাহতো হ’ব পাৰে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments