Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়একপক্ষীয় যুদ্ধবিৰতিৰ অন্তত পুনৰ ইউক্ৰেইন আক্ৰমণ ৰাছিয়াৰ

একপক্ষীয় যুদ্ধবিৰতিৰ অন্তত পুনৰ ইউক্ৰেইন আক্ৰমণ ৰাছিয়াৰ

ডিজিটেল ডেস্ক, ANEWS24X7: একপক্ষীয় যুদ্ধবিৰতিৰ অন্ত হোৱাৰ পিছতে পুনৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে ৰাছিয়াই ৷ ৬ জানুৱাৰীৰ দুপৰিয়া ১২ বজাৰ পৰা ৭ জানুৱাৰীৰ মাজনিশালৈ অৰ্থোডস্ক খ্ৰীষ্টান সকলৰ পৰম্পৰাগত খ্ৰীষ্টমাছ উদযাপনৰ বাবে ৰাছিয়াই একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল ৷ এই যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছতে ৰাছিয়াই পুনৰ সংঘটিত কৰিছে আক্ৰমণ ৷ এই কথা সদৰি কৰিছে ইউক্ৰেইনৰ তৰফৰ পৰা ৷

পুটিনে ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছতে মাজনিশা পুনৰ ইউক্ৰেইনৰ কেইবাটাও অঞ্চলত আক্ৰমণ কৰে ৰাছিয়াই ৷ ৰাছিয়ান সেনাৰ গুলীবৰ্ষণত উত্তৰ-পূবৰ খাৰকিভত এজন ৫০ বছৰীয়া ব্যক্তি নিহত হৈছে ৷ এই কথা সদৰী কৰিছে উত্তৰ-পূবৰ খাৰকিভৰ ৰাজ্যপাল ওলেহ চিনহুবভে ৷ ৰাজ্যপাল গৰাকীয়ে এটা টেলিগ্ৰাম পোষ্টত কয় যে ,‘‘অঞ্চলটোত ৰাছিয়ান সেনাই কৰা গুলীবৰ্ষণৰ ফলত ৫০ বছৰীয়া ব্যক্তি নিহত হৈছে ৷’’

ইউক্ৰেইনৰ ডনেটস্ক অঞ্চলৰ গভৰ্ণৰ পাভলো কিৰিলেস্কোৱে কয় যে , ‘ অঞ্চলটোত ৰাতিটোৰ ভিতৰতে নটা মিছাইল আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই ৷ আক্ৰমণটোত কোনো লোক হতাহত হোৱাৰ কোনো খবৰ লাভ কৰা নাই ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments