ডিজিটেল ডেস্ক, ANEWS24X7 : পাৰমাণৱিক অস্ত্ৰৰ ধ্বংসলীলাৰ পুনৰ এবাৰ সাক্ষী হৈ ৰোৱাৰ দিশে সমগ্ৰ বিশ্ববাসী ।
ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনে প্ৰত্যাশিত ফলাফল নিদিয়াৰ পাছত যেন যিকোনো উপায় হাতত ল’বলৈ কুণ্ঠাবোধ কৰা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। যাৰ বাবে ৰাছিয়াত দেখিবলৈ পোৱা গৈছে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ কুছকাৱাজ।
পূৰ্বেও ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছিল ধ্বংসলীলা। কিন্তু পাৰমাণৱিক অস্ত্ৰৰ আশংকাত ভোগা নাছিল ইউক্ৰেইন। এই আশংকাৰ এক অন্যতম কাৰণ হ’ল বেলৰুছত ৰাছিয়ান সেনাৰ আগ্ৰাসন। এতিয়া চিন্তিত হৈ পৰিছে ইউক্ৰেইন৷
উল্লেখ্য যে, বেলৰুছৰ পৰাই ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা অত্যাধিক।