Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ধাৰাবাহিক বিস্ফোৰণ, ইউক্ৰেইনক ভয়ানক প্ৰত্যুত্তৰ ৰাছিয়াৰ

ধাৰাবাহিক বিস্ফোৰণ, ইউক্ৰেইনক ভয়ানক প্ৰত্যুত্তৰ ৰাছিয়াৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ইউক্ৰেইনক ভয়ানক প্ৰত্যুত্তৰ ৰাছিয়াৰ। দেশখনৰ খেৰছনত ধাৰাবাহিক বিস্ফোৰণ। খেৰছনৰ শ্বপিং মল, ৰে’লৱে ষ্টেচন, গেছ ষ্টেচনত বিস্ফোৰণ। কমেও ২১জন লোকৰ মৃত্যু, অৰ্ধশতাধিক আঘাতপ্ৰাপ্ত। বুধবাৰে ৰাছিয়াত ড্ৰোনেৰে আক্ৰমণ কৰিছিল ইউক্ৰেইনে।

ৰাছিয়াই খেৰচনত নিজৰ অন্যতম মাৰাত্মক আক্ৰমণ চলাইছিল, য’ত চুপাৰ মাৰ্কেট, ৰে’লৱে ষ্টেচন আৰু অন্যান্য অসামৰিক লক্ষ্যত আঘাত হানিছিল। এই আক্ৰমণত কমেও ২১ জন লোক নিহত হোৱাৰ লগতে ৪৮ জন আহত হৈছে।

ইফালে ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়ভত দুটাকৈ বিস্ফোৰণৰ শব্দ শুনা গৈছে বুলি বৃহস্পতিবাৰে কিয়ভ ইণ্ডিপেণ্ডেণ্টে প্ৰকাশ কৰিছে।  ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষাও কিয়ভ অব্লাষ্টত কাম কৰি থকাৰ খবৰ পোৱা গৈছে বুলি অব্লাষ্টৰ সামৰিক প্ৰশাসনে জনায়। কিয়ভ অব্লাষ্টৰ সামৰিক প্ৰশাসনে সম্ভাৱ্য ড্ৰ’ন আক্ৰমণৰ বিষয়ে সকীয়াই দি বাসিন্দাসকলক আশ্ৰয় শিবিৰত থাকিবলৈ আহ্বান জনায়।

কিয়ভ, চেৰ্নিহিভ, ছুমি, পল্টাভা, কিৰোভ’হ্ৰাড, খাৰ্কিভ, মাইকোলাইভ, অডেছা, ড্নিপ্ৰ’পেট্ৰ’ভস্ক, জাপ’ৰিজ্জিয়া অঞ্চল, আৰু কিয়ভ চহৰত বিমান আক্ৰমণৰ সতৰ্কবাণী অব্যাহত আছে।

ৰাছিয়াই ইউক্ৰেইনে ড্ৰ’ন আক্ৰমণত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যা কৰাৰ চেষ্টা কৰা বুলি দাবী কৰাৰ পিছতে সমগ্ৰ ইউক্ৰেইনত এই আক্ৰমণ তীব্ৰতৰ হৈ পৰে।

অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে নিশাৰ ভিতৰতে সংঘটিত হোৱা এই ঘটনাৰ সৈতে কিয়ভৰ কোনো সম্পৰ্ক নাই। ফিনলেণ্ড ভ্ৰমণৰ সময়ত এখন সংবাদমেলত জেলেনস্কিয়ে কয় যে আমি পুটিন, বা মস্কোক আক্ৰমণ নকৰো, আমি আমাৰ ভূখণ্ডত যুঁজ দিওঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments